গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু চলচ্চিত্ৰ দিৱস উদযাপন

0 121

গোলাঘাট জিলা সাহিত্য সভাৰ ত্ৰয়োত্ৰিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু চলচ্চিত্ৰ দিৱস শুকুৰবাৰে উদযাপন কৰা হয় । গোলাঘাট জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আয়োজন কৰা এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰাই আৰু স্মৃতি তৰ্পন কৰে মৰঙী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰমোদ ফুকনে আৰু বন্তি প্ৰজ্বলন কৰে তিতাৰাম দাসে।

জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ নিৰ্মাতা নুৰুল চুলতানে।সভাত নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা ভাষণ প্ৰদান কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মহেশ্বৰ শইকীয়াই।অন্যহাতে চলচ্চিত্ৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অসমীয়া চলচ্চিত্ৰ আৰু সামাজিক দায়বদ্ধতা শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শিল্পী পেন্চনাৰ ৰবীন চেতীয়াই।

সভাত সন্মানীয় অতিথি ৰূপে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা,বিশিষ্ট সাংবাদিক ,প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোশ্বামী আৰু আমন্ত্ৰিত অতিথি ৰূপে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি দণ্ডিৰাম বৰাই ভাষণ প্ৰদান কৰে।এই সভাত বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হব সাহিত্য অকাডেমি যুৱ সাহিত্য বঁটা প্ৰাপক অভিজিৎ বৰা আৰু মুনিন বৰকটকী যুৱ সাহিত্য বঁটা প্ৰাপক ক্ৰমে প্ৰদ্যুন্ম গগৈ আৰু উপাসনা শইকীয়াক।

বঁটা গ্ৰহণ কৰি এক চমু বক্তব্য আগবঢ়াই বটাঁ প্ৰাপক উপাসনা শিইকীয়াই । অন্যহাতে সভাত অনুপস্থিতি বটাঁঁ প্ৰাপক অভিজিৎ বৰা আৰু প্ৰদ্যুন্ম গগৈ হৈ বটাঁ গ্ৰহণ কৰে দুয়োগৰাকীৰ পৰিয়ালৰ সদস্যই।সমগ্ৰ অনুষ্ঠানৰ আতঁ ধৰেে জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই।

Leave A Reply

Your email address will not be published.