ৰাষ্ট্ৰীয় কাব্য বঁটাৰ বাবে নিৰ্বাচিত অসমৰ অধ্যাপক

0 150

সুখবৰ। কলিকতাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ আলোচনী যাপনচিত্ৰই সুদীৰ্ঘ ২০ বছৰ পূৰ্ণ উপলক্ষে এই বৰ্ষৰ পৰা যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা আগবঢ়াইছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক কবি জীৱন নৰহলৈ।

ভাৰতৰ বৰেণ্য কেইবাজনো কবি-সাহিত্যিকৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীৰ দ্বাৰা ভালেকেইগৰাকী কবিৰ মাজৰ পৰা জীৱন নৰহক যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা’ৰ বাবে নিৰ্বাচন কৰে।এই বঁটাৰ লগতে নগদ ৫০ হাজাৰ টকা মাননি হিচাপে আগবঢ়োৱা হ’ব।

উল্লেখ্য যে ২০০২ চনত বৰেণ্য সাহিত্যক সুনীল গঙ্গোপাধ্যায় যোগেন চৌধুৰী, সমিক বন্দ্যোপাধ্যায়ক উপদেষ্টা মণ্ডলী হিচাপে লৈ ক্ষুদ্ৰ কাব্য আলোচনী হিচাপে আৰম্ভ কৰা এই যাপনচিত্ৰই পিছলৈ প্ৰকাশন গোষ্ঠী হিচাপেও আত্মপ্ৰকাশ কৰে৷ চলিত বৰ্ষৰ পৰা ‘যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
অহা ৩১ মাৰ্চ পৰা ২ এপ্ৰিললৈ কলকতাত হ’ব লগা যাপনচিত্ৰ উৎসৱত এই বঁটা কবি গৰাকীক আগবঢ়োৱা হ’ব বুলি জানিব পৰা গৈছে৷

Leave A Reply

Your email address will not be published.