গৰীবৰ বন্ধু বিৰাজ হাজৰিকাই লাভ কৰিলে ডক্টৰ এ পি জে আব্দুল কালাম এক্সেলেন্স বঁটা

1 302

গৰীবৰ বন্ধু বিৰাজ হাজৰিকাই লাভ কৰিছে ২০২০ বৰ্ষৰ ড০ এ পি জে আব্দুল কালাম এক্সেলেন্স এৱাৰ্ড।২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰং ভৱনত দ্য জাৰ্নেলিষ্ট ভইচে আয়োজন কৰা এক অনুষ্ঠানত সমাজ সেৱাৰ বাবে তেওঁক এই বঁটা লাভ  কৰে। ২০১০ চনৰে পৰা একেৰাহে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মাজত কাপোৰ,খাদ্য যোগান ধৰি তেওঁ নিজৰ মহানুভৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।জন্মস্থান মঙলদৈ দলগাঁৱৰ বিৰাজ হাজৰিকাই কয় যে মই সৰুৰে পৰা যিটো পৰিৱেশত ডাঙৰ হৈছো,সেই পৰিবেশৰ বাবেই এই কাম কৰিবলৈ আগ্রহ জন্মিলে।বৰ্তমান অসমৰ কেইবাখনো ঠাই শিৱসাগৰ,তিনিচুকীয়া,দুলিয়াজান আৰু লক্ষীমপুৰত ৰুটি আৰু কাপোৰ বেংক আছে।দুখীয়া মানুহৰ সহায় হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে।পেচাত সেনা বিভাগৰ কৰ্মচাৰী বিৰাজ হাজৰিকাই নিজ কৰ্মৰ সমান্তৰালকৈ সমাজ সেৱাও কৰি গৈছে।উল্লেখযোগ্য যে তেওঁ মৰিগাঁৱত এখন বৃদ্ধাশ্রম প্ৰতিষ্ঠা কৰিব।ইতিমধ্যে মাটি ক্রয় কৰিছে আৰু অহা বছৰৰ পৰা ইয়াৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিছে সেমাজ সেৱক বিৰাজ হাজৰিকাই।উল্লেখযোগ্য যে তেওঁ এই বৰ্ষৰ বিজু ফুকন বঁটা লাভ কৰিবলৈ সক্ষম হয়।যোৱা ২৭ জানুৱাৰীত নেডফি হাউচত অনুষ্ঠিত বিজু ফুকন এৱাৰ্ড অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..

1 Comment
  1. Beeraj Hazarika says

    Thank you so much

Your email address will not be published.