গৰীবৰ বন্ধু বিৰাজ হাজৰিকাই লাভ কৰিছে ২০২০ বৰ্ষৰ ড০ এ পি জে আব্দুল কালাম এক্সেলেন্স এৱাৰ্ড।২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰং ভৱনত দ্য জাৰ্নেলিষ্ট ভইচে আয়োজন কৰা এক অনুষ্ঠানত সমাজ সেৱাৰ বাবে তেওঁক এই বঁটা লাভ কৰে। ২০১০ চনৰে পৰা একেৰাহে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মাজত কাপোৰ,খাদ্য যোগান ধৰি তেওঁ নিজৰ মহানুভৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।জন্মস্থান মঙলদৈ দলগাঁৱৰ বিৰাজ হাজৰিকাই কয় যে মই সৰুৰে পৰা যিটো পৰিৱেশত ডাঙৰ হৈছো,সেই পৰিবেশৰ বাবেই এই কাম কৰিবলৈ আগ্রহ জন্মিলে।বৰ্তমান অসমৰ কেইবাখনো ঠাই শিৱসাগৰ,তিনিচুকীয়া,দুলিয়াজান আৰু লক্ষীমপুৰত ৰুটি আৰু কাপোৰ বেংক আছে।দুখীয়া মানুহৰ সহায় হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে।পেচাত সেনা বিভাগৰ কৰ্মচাৰী বিৰাজ হাজৰিকাই নিজ কৰ্মৰ সমান্তৰালকৈ সমাজ সেৱাও কৰি গৈছে।উল্লেখযোগ্য যে তেওঁ মৰিগাঁৱত এখন বৃদ্ধাশ্রম প্ৰতিষ্ঠা কৰিব।ইতিমধ্যে মাটি ক্রয় কৰিছে আৰু অহা বছৰৰ পৰা ইয়াৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিছে সেমাজ সেৱক বিৰাজ হাজৰিকাই।উল্লেখযোগ্য যে তেওঁ এই বৰ্ষৰ বিজু ফুকন বঁটা লাভ কৰিবলৈ সক্ষম হয়।যোৱা ২৭ জানুৱাৰীত নেডফি হাউচত অনুষ্ঠিত বিজু ফুকন এৱাৰ্ড অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
Thank you so much