দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পুৰুষৰ লগতে একাংশ শিক্ষিত মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলৰ বিচিত্ৰা বৰুৱা দাস নামৰ এগৰাকী শিক্ষিত মহিলাই ঘৰতে এখন ছাগলী ফাৰ্ম খুলি বছৰি প্ৰায় পাঁচ লক্ষ্যধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰপাক অঞ্চলৰ আদৰ্শ কৃষক প্ৰদীপ দাসৰ বোৱাৰী তথা বিচিত্ৰা বৰুৱা দাসে প্ৰথমে এজনী উন্নত জাতৰ ছাগলী পালন কৰিছিল। ইয়াৰ পাছতেই মহিলা গৰাকীয়ে ঘৰতে এখন সৰুকৈ ছাগলী ফাৰ্ম আৰু হাঁহ পালন কৰি নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আন দুটা পৰিয়াল পো-পালন দিবলৈ সক্ষম হৈছে।বৰ্তমান সময়ত মহিলা গৰাকী ফাৰ্ম খনত ৩০ টাকৈ অধিক উন্নত জাতৰ ছাগলী থকাৰ উপৰিও বিক্ৰী কৰিব পৰা ছাগলী সংখ্যা হৈছে ১৮ টা। এটা ছাগলী তেওঁ ১০ৰ পৰা ১৫ হাজাৰ টকাৰ মূল্যত বিক্ৰী কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।বৰ্তমান সময়ত বৃহত্তৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলত ছাগলী পালন কৰি স্বাৱলম্বী হোৱা বিচিত্ৰা বৰুৱা দাস বহু মহিলাৰ আদৰ্শ স্বৰূপ হৈ পৰিছে।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা