অসম জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ সহযোগত আৰু ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আজি গুৱাহাটী পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শঙ্কৰদেৱে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগহত বৰ্ণাঢ্য কাৰ্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) আদি বিভাগৰ মন্ত্ৰী ডা: ৰণোজ পেগুয়ে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে মই এজন জনজাতীয় সমাজৰ প্ৰতিনিধি হিচাপে বীৰ বিৰছা মুণ্ডাৰ জন্মদিৱসটি জনজাতীয় গৌৰৱ দিৱস ৰূপে ৰাষ্ট্ৰীয় স্তৰত পালনৰ বাবে লোৱা সিদ্ধান্ত আৰু প্ৰচেষ্টাৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সবল আৰু শক্তিশালী নেতৃত্বৰ দ্বাৰা বৰ্তমান জনজাতি লোকসকলৰ সমস্যা সমূহ সমাধানৰ প্ৰয়াস কৰাৰ উপৰিও তেওঁলোকৰ জীৱন শৈলীত প্ৰগতি আৰু উন্নয়নৰ এক নতুনত্ব আনিবলৈ সক্ষম হৈছে।তেওঁ আৰু লগতে কয় যে জনজাতি লোকসকলে প্ৰকৃতিকৰ বুকুৰ মাজত থাকি আৰু ইয়াৰে লগত মিলি থাকি ভাল পাই । য’ত জনজাতি লোকসকল আছে তাতে এক সুন্দৰ প্ৰকৃতিৰ পৰিৱেশ আছে। তেওঁ আৰু উল্লেখ কৰে যে ভাষা মানে গৌৰৱ সেয়েহে আমি আমাৰ নিজৰ ভাষাক লৈ গৌৰৱবোধ কৰিব লাগে। আজিৰ এই অনুষ্ঠানত জেষ্ঠ জনজাতীয় বিশিষ্ট ব্যক্তি ক্ৰমে পাণ্ডৱ ৰাভা, পদ্ম পাটৰ, থানেশ্বৰ বড়ো আৰু নামেশ্বৰ পেগুক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সদৌ অসম ট্ৰাবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰী, জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ সচিব বিনীতা পেগুৰ লগতে অনান্য ব্যক্তি সকল উপস্থিত থাকে।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন