সাতগাঁৱত বিশ্ব নিউম’নিয়া দিৱসৰ লগত সংগতি ৰাখি চাঁচ অভিযানৰ শুভ মুকলি

0 120

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি বিশ্ব নিউম’নিয়া দিৱসৰ লগত সংগতি ৰাখি চাঁচ(SAANS-Social Awareness and Actions to Neutralise Pneumonia Successfully) অভিযান মুকলি কৰা হয়৷ সাতগাঁও নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত এই অভিযান মুকলি কৰে অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালিকা ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই।

নিউম’নিয়া হৈছে এটি গুৰুতৰ ৰোগ। আমাৰ দেশৰ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ মুখ্য কাৰণ হৈছে নিউম’নিয়া ৰোগ। নিউম’নিয়া ৰোগক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পৰিকল্পনাৰ এই অভিযান অহা ২৯ ফেব্ৰুৱাৰী ২০২৪ লৈকে চলিব।এই অভিযানৰ অধীনত আশাকৰ্মী সকলে নিউম’নিয়া লক্ষণসমূহ আৰু প্ৰতিৰোধৰ বাবে কৰণীয়সমূহৰ ওপৰত ঘৰে ঘৰে গৈ সজাগতাৰ সৃষ্টি কৰিব।

আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক আৰু জিলাভিত্তিক বিষয়া সকল তথা চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চ আৰু আশাকৰ্মী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.