জয়মালাক অসমলৈ ঘূৰাই অনা হ’ব-মুখ্যমন্ত্ৰী

0 192

অৱশেষত আহিল ভাল খবৰ।জলমালাক অসমলৈ ঘূৰাই অনা হ’ব। এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ পৰিৱেশ আৰু বনমন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বন বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। সেই অনুসৰি
কাইলৈ বন বিষয়া, আৰক্ষী বিষয়া আৰু পশু চিকিৎসকক লৈ গঠন কৰা এটা দলে তামিলনাডুত উপস্থিত হৈ তামিলনাডু চৰকাৰ আৰু বন বিভাগৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰে হাতীটোৰ অৱস্থাৰ বুজ লৈ অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। তামিলনাডুলৈ যাবলগীয়া দলটোৰ সদস্যসকল হ’ল
শ্ৰীহিৰ্দেশ মিশ্ৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক, ডাঃ কুশল কুমাৰ শৰ্মা, অধ্যাপক, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অপৰ্ণা নটৰাজন,আৰক্ষী অধীক্ষক মৰিগাঁও, ডাঃ ৰূপজ্যোতি কাকতি, জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া তিনিচুকীয়া।

Leave A Reply

Your email address will not be published.