জামুগুৰিহাটৰ গোৱালপামত অসম নেপালী সাহিত্য সভাৰ ৪৯তম প্ৰতিষ্ঠা দিৱস উদযাপন

0 227

জামুগুৰিহাট আৰু গোৱালপাম গাঁও উন্নয়ন সমিতিৰ আয়োজনত গোৱালপামত অসম নেপালী সাহিত্য সভাৰ ৪৯তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক নীল কুমাৰ ছেত্ৰীয়ে । ইয়াৰ পিছতে ছহীদ তৰ্পণ কাৰ্যসূচী সমাপন হোৱাৰ পিছত দিনৰ ১০বজাৰ পৰা মুকলি সভাৰ
পৌৰোহিত কৰে অঞ্চলটোৰ বিশিষ্ট নাট্যকাৰ অনাতাঁৰ শিল্পী সন্তোষ স্বেষ্ঠয়ে। সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে নাট্যভূষণ পুৰ্ণ কুমাৰ শৰ্মা , মুখ্য অতিথি ৰূপে থাকে সাহিত্যক ছত্ৰমান চুব্বা । আনহাতে বিশিষ্ট সাহিত্যিক হিচাপে উপস্থিত থাকে গুৰুপ্ৰসাদ উপাধ্যায়, যুৱ সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক সাংবাদিক অঞ্জন বাচকোটা, অসম চৰকাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত যুৱ লেখক , সাহিত্যিক ডঃ ধুন্দিৰাজ উপাধ্যায়, জামুগুৰি অঞ্চলৰ বিশিষ্ট নেপালী কবি নাৰদ নিৰোলা, শিক্ষক অশোক শৰ্মা, শিক্ষক দীপক শৰ্মা, শাখাৰ সচিব চল বাহাদুৰ বিশ্বকৰ্মা তথা অঞ্চলটোৰ শতাধিক সাহিত্য অনুৰাগী সকল। ‌ ‌
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.