আমাৰ শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্ব-সহৃদয়তাৰ মাধ্যমেৰে গঢ়ি তুলিব লাগিব শিক্ষাৰ ন ন পৰিৱেশ। ওচৰা-ওচৰিকৈ থকা বিদ্যালয় সমূহৰ মাজত আমি এই পৰিৱেশ সৃষ্টি কৰিবলৈ আগবাঢ়িব লাগিব। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ পৰস্পৰৰ মাজত শিক্ষাৰ প্ৰকৃত মূল্যায়ন সম্ভৱ হৈ উঠিব। কামৰূপ জিলাৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰামপুৰৰ পাঁচখনকৈ প্ৰাথমিক বিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে আয়োজন কৰা “বন্ধু বিদ্যালয় আঁচনিৰ ক্ৰিয়া কলাপৰ আজি উদ্বোধনী অনুষ্ঠানৰ বঁটা বিতৰণীৰ ভাষণ প্ৰসঙ্গত ৰামপুৰ শিক্ষাখণ্ডৰ সমল ব্যক্তি তৃপ্তিময়ী তালুকদাৰে এই মন্তব্য কৰে। তালুকদাৰে কন কন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত এই কাৰ্যসূচীয়ে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত খিদিৰপুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয়, ৰামপুৰ শিশু প্ৰাথমিক বিদ্যালয়, ৰামপুৰ বালিকা প্ৰাথমিক বিদ্যালয়, জানকী চৌধুৰী প্ৰাথমিক বিদ্যালয় আৰু ৰামপুৰ বালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই আঁচনিৰ কাৰ্যসূচী এটা শোভাযাত্ৰাৰে শুভ-উদ্বোধন কৰে দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক বিমল শৰ্মাই। উদ্বোধনী ভাষনত সাংবাদিক শৰ্মাই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক-সাংস্কৃতিক-ক্ৰীড়াৰ এক সমন্বয় অনাত আঁচনিখনে যথেষ্ট সহায় কৰিব পাৰিব বুলি মন্তব্য কৰে। পাঁচখনকৈ প্ৰাথমিক বিদ্যালয়ৰ দ্বি-শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা এই কাৰ্যসূচীত আন এগৰাকী খণ্ড সমল ব্যক্তি জেপুলিন দাস, কেন্দ্ৰ সমন্বয়ক কল্পনা মেধি, খিদিৰপুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃগেন্দ্ৰ কলিতা, ৰামপুৰ শিশু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী কলিতা দাস, বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নৱনীতা ৰাজবংশী, জানকী চৌধুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালি চৌধুৰী কলিতা, বালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমেন চন্দ্ৰ কলিতাকে ধৰি বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, অভিভাৱকসকলৰ একাংশ আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। খিদিৰপুখুৰী কৈৱৰ্তপাৰা প্ৰাথমিক বিদ্যালয়ৰপৰা উলিওৱা শোভাযাত্ৰাটোৰ অন্তত প্ৰসিদ্ধ আৰ্দ্ৰভূমি দৰাবিলৰ বাকৰিত ছাত্ৰ-ছাত্ৰীৰ মাজত পৃথকে পৃথকে দৌৰ খেল অনুষ্ঠিত কৰে। খেলৰ অন্তত বীজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan