ৰাণীত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ চিভিক একশ্বন কাৰ্যসূচী জৰিয়তে আজি নালাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰিলে চাইকেল আস্থান, পুনঃনিৰ্মান কৰিলে কাৰ্যালয় গৃহ। সততে দেশসেৱাত বৰ্তি থকা কেন্দ্ৰীয় আৰক্ষী বাহিনী চমুকৈ চি.আৰ.পি.এফ জোৱানসকলে বহু সময়ত দুৰ্গত পৰিয়াল তথা সমাজৰ হকে কাম কৰি অহা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা বৃহত্তৰ ৰাণীস্থিত ১৭৫ নং চি. আৰ.পি.এফ বেটেলিয়ানে অনগ্ৰসৰ অঞ্চলটোৰ উন্নয়নমুলক কাম-কাজৰ সৈতে জড়িত হৈ আহিছে। ইয়াৰে অংশ হিচাপে আজি অসম-মেঘালয় সীমান্তৱৰ্তী নালাপাৰা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ এটি চাইকেল আস্থান আৰু শিক্ষক কাৰ্যালয়ৰ পুনঃনিৰ্মানকাৰ্য বেটেলিয়াটোৰ কামাণ্ডেন অফিচাৰ সুভাষ চন্দ্ৰ শৰ্মায়ে শুভাৰম্ভণী কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেৱেন চন্দ্ৰ দাস, পৰিচালনা সমিতিৰ উপ-সভাপতি কমলা ৰাভা আৰু বিশিষ্টসকল উপস্থিতি থাকি চি.আৰ.পি. এফৰ এনে মহান কাৰ্যসূচী ৰূপায়ণ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী