জামুগুৰিহাটৰ ধলাইবিলত নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সহযোগত ৰক্তদান শিৱিৰৰ শুভ উদ্বোধন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ

0 226

জামুগুৰিহাটৰ ধলাইবিলস্থিত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, শোণিতপুৰ জিলাৰ উদ্যোগত নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সহযোগত ৰক্তদান শিৱিৰৰ শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে ৰক্তদান শিৱিৰৰ শুভ উদ্বোধন কৰি কয় যে ৰক্তদান হ’ল মহান দান । ৰক্তদান শিৱিৰৰ জৰিয়তে ৰক্ত সমূহ সংগ্ৰহ কৰি বহুলোকৰ প্ৰাণ ৰক্ষা পৰিব পাৰে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনৰ লগত সংগতি ৰাখি সপ্তাহযোৰা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি হোৱাৰ কামনা কৰিলো । উক্ত ৰক্তদান শিৱিৰ অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকা, উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ড° ৰূপক বৰুৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভাপতি বাটাছ ওৰাংঙক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছাৰ লগতে এটা গছ পুলিৰে সম্বৰ্ধনা জনায় যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াই । প্ৰায় শতাধিকৰো অধিক যুৱকে আজি ৰক্ত দান কৰি ৰাইজৰ মাজলৈ এক সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হয়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.