জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ আলোচনা চক্ৰ অনুষ্ঠিত

0 383

কৰ্মক্ষেত্ৰত মহিলাৰ সমতা আৰু মহিলা সাংবাদিকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোকপাত কৰি আজি জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উদ্যোগত মহিলা সাংবাদিকৰ এক আলোচনাচক্ৰ অনুষ্ঠিত হয়।
এই আলোচনাচক্ৰত গুৱাহাটীৰ বহু কেইগৰাকী মহিলা সাংবাদিকৰ লগতে ইউনিয়নৰ সদস্য সকল উপস্থিত থাকে।বিশেষকৈ ক’ভিড-১৯ পৰিস্থিতিত মহিলা সাংবাদিক সকলে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ বিষয়ে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
ইন্টাৰনেশ্যনেল ফেডাৰেশ্যন অৱ জাৰ্নেলিষ্টজিমৰ উপসভাপতি ছবিনা ইন্দ্ৰেজিতে ভাৰ্চুৱেলী অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।তেখেতে কৰ্মক্ষেত্ৰত মহিলা সকলৰ নিজৰ সহকৰ্মীৰ পৰা যি অসুবিধা পায় সেই সম্পৰ্কেও বক্তব্য ৰাখে।এই সম্পৰ্কে আই জে ইউ এৰ প্ৰেচিডেন্ট গীতাৰ্থ পাঠকেও নিজৰ মন্তব্য কৰে।
আলোচনাচক্ৰত উপস্থিত থাকি চেমিম চুলতানাই নিজৰ মত ব্যক্ত কৰি কয় যে কৰ্মক্ষেত্ৰত মহিলা সকল কোনো ক্ষেত্ৰতে পিছপৰি থাকিব নালাগে।পুৰুষৰ সমানেই মৰ্য্যদা সহকাৰে সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে।ঠিক সেইদৰে সবিতা লহকৰেও নিজৰ মত ব্যক্ত কৰে।
আজি আলোচনাচক্ৰত সম্পাদক সুস্মিতা গোস্বামী, জেণ্ডাৰ কাউন্সিৰ জে ইউ এৰ ৰতন লুৱাং উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.