গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দা চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকনোলজী চমুকৈ জি আই এম টিত প্ৰথম বাৰৰ বাবে ১২ মে’ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত টেকমিলাপ ২০২২ ১৪ মে’ৰ নিশা সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে । ১২ মে’ত বন্তি প্ৰজ্বলনৰে টেকমিলাপ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমী চ’ছাইটিৰ সভাপতি ৰাতুল দাসে । এই উপলক্ষে জি আই এম টিৰ অধ্যক্ষ অধ্যাপক থুলেশ্বৰ নাথৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তই অসমৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰখনত অৱদান আগবঢ়াই অহা জি আই এম টিয়ে ছাত্ৰ – ছাত্ৰী সকলক পুনৰ এখন প্লেটফৰ্ম দিয়াৰ বাবে এনে ধৰণৰ অনুষ্ঠান – প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰতিষ্ঠানখনৰ শলাগ লয় । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে আই আই টি, গুৱাহাটীৰ উপ সঞ্চালক অধ্যাপক শশীন্দ্ৰ কুমাৰ কাকতিয়ে ভাগ লৈ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত বাখ্যা দাঙি ধৰে । আনহাতে টেকমিলাপৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ প্ৰায় পাঁচশ ছাত্ৰ – ছাত্ৰীয়ে ভাগ লয় । ১৪ মে’ৰ বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা আৰু মানপত্ৰ সমূহ বিতৰণ কৰা হয় । সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিশিষ্ট শিল্পী তন্ময় শইকীয়াই । অনুষ্ঠানত কেবাজনো ছাত্ৰ – ছাত্ৰীৰ উপৰিও আমন্ত্ৰিত শিল্পীয়ে নৃত্য প্ৰদৰ্শন আৰু সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা