জীমণি চৌধুৰীয়ে উন্মোচন কৰিলে জানু নাথৰ কাব্যগ্ৰন্থ “নতুন পৰিচয়”

0 213

আজি দিনৰ ১ বজাত দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন গ্ৰন্থ উন্মোচনী সভাত কবি জানু নাথে জীৱনৰ বৰ্ণিল অনুভৱ-অভিজ্ঞতাৰ ভিত্তিত লিখা “নতুন পৰিচয়” শীৰ্ষক কাব্য সংকলনখন স্বনামধন্য লেখিকা, ঔপন্যাসিক,গল্পকাৰ জীমণি চৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে৷ উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক,চিত্ৰ সমালোচক,লেখক,শিল্পী বিদ্যুৎ কুমাৰ ভূঞা,অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক,লেখক,কবি, অভিনেতা দিগন্ত কুমাৰ নাথ,কবি কমলজিৎ কলিতা উপস্থিত থকাৰ লগতে থকাৰ লগতে সন্মানীয় অতিথি হিচাপে “প্ৰিয় সখী” আলোচনীৰ কাৰ্যবাহী সম্পাদক গুঞ্জন ফুকন ,সমাজকৰ্মী,প্ৰযোজক ভৃগু কুমাৰ দত্ত উপস্থিত থাকে৷”নতুন পৰিচয়” কাব্যগ্ৰন্থখন প্ৰকাশ কৰিছে ৰেবকান্ত নাথে৷
সাংবাদিক,লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা তথা ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য -মান্য ব্যক্তি উপস্থিত থকা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত লেখিকা জানু নাথে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে জীৱনৰ বাটত যুঁজি যুঁজি ভাগৰি পৰাৰ সময়তে মনৰ কিছু অনুভৱ কবিতাৰ ৰূপত প্ৰকাশ কৰি তেখেতে জীৱনটোক ইতিবাচক দৃষ্টিৰে চাবলৈ প্ৰয়াস কৰিছে৷উল্লেখ্য যে ২৭ টাকৈ কবিতা সন্নিৱিষ্ট কাব্য সংকলনখনৰ পাতনি লিখিছে অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী যোগমায়া গগৈয়ে৷সভাখনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে তেখেতসকলৰ বক্তব্যত কবি জানু নাথৰ কাব্য চৰ্চাৰ প্ৰশংসা কৰাৰ লগতে সাম্প্ৰতিক সমাজ সাহিত্যৰ কিছুমান দিশৰ ক্ষেত্ৰতো আলোকপাত কৰে৷

Leave A Reply

Your email address will not be published.