পৰম্পৰাক চিৰযুগমীয়া কৰি ৰখাৰ বাবে এগৰাকী অসমীয়া মহিলাৰ যুগন্তকাৰী পদক্ষেপ

0 329

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰৰ আছে নিজস্ব বৈশিষ্ট্য। গোলকীকৰণৰ প্ৰভাৱ অথবা আধুনিকতাৰ ধামখমীয়া পৰিৱেশে জনজীৱনক প্ৰভাৱিত কৰিছে। এনে সন্ধিক্ষণত পিঠাক নতুন ৰূপত উপস্থাপন কৰি এগৰাকী মহিলাই অসমীয়াগিৰি দেখুৱাইছে।
যোৰহাট ধেনুচোচাৰ কাশ্মীৰী ৰাজখোৱা নামৰ মহিলা গৰাকীয়ে এখন বাঁহৰ দলাত তিল পিঠা,ঘিলা পিঠা,সুতুলী পিঠা,চুঙাপিঠা আদি সন্নিবিষ্ট কৰি বিভিন্ন উৎসৱ পাৰ্বনত যোগান ধৰিছে।এই সম্পৰ্কে কাশ্মীৰী ৰাজখোৱাই জনোৱা মতে সাধাৰণতে বিয়া বোৰত মিঠাই আদান প্ৰদান কৰা এটা সংস্কৃতি নতুনকৈ গা কৰি উঠা দেখা গৈছে। কিন্তু আজি কালি প্ৰায় সকলো মানুহে মিঠা বস্তু খোৱাৰ প্ৰতি আগ্ৰহী নহয়। ইয়াৰ আলমতে পিঠা সজোৱাৰ চিন্তাটো মনলৈ আহিল । বিশেষকৈ লকডাউনৰ পিছৰ পৰা এখন বাঁহ দলাত পিঠা সজাই বিক্ৰী কৰি আহিছো। গ্ৰাহকেও থলুৱা সামগ্ৰীক গুৰুত্ব দিছে। এই মন্তব্য কাশ্মীৰী ৰাজখোৱাৰ।
উল্লেখযোগ্য যে ৰাজখোৱাই সজোৱা প্ৰতি দলা পিঠাৰ মূল্য ১৫০০ টকাৰ পৰা ২০০০ টকাৰ পৰ্যন্ত। যিসময়ত অসমীয়াগিৰি প্ৰতিষ্ঠা কৰা বাবে একাংশই উঠি পৰি লাগিছে সেই সময়ত কাশ্মীৰী ৰাজখোৱাৰ পদক্ষেপক সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.