সফলতাৰে সম্পন্ন হ’ল নৱবৰ্ষ মহোৎসৱৰ কাৰ্যসূচী

0 211

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আয়োজন কৰা একবিংশ নৱবৰ্ষৰ মহোৎসৱৰ চতুৰ্থ দিনা ৪ জানুৱাৰী দিনৰ ২ বজাৰ পৰা মুক্ত চিন্তা শীৰ্ষক চিত্ৰকলা সম্পৰ্কীয় অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। ভাষণ প্ৰসংগত তেখেতে কয় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই কেৱল নতুন বর্ষক আদৰিবলৈ এই মহোৎসৱ আয়োজন কৰা নাই।এইখিনি সময়তে যাতে শিল্পী সকলৰ নতুন চিন্তা ,পৰিকল্পনা উদয় হয় আৰু নতুন নতুন চিন্তাবোৰ শিল্পকৰ্মৰ মাজেৰে পৰিস্ফুত কৰিব পাৰে তাৰ বাবে আজিৰ এই মুক্তাঙ্গনত মুক্ত চিন্তা শীৰ্ষক অন্তৰংগ আলাপৰ আয়োজন কৰা হৈছে।অনুষ্ঠানটিৰ সঞ্চালনা কৰে চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জেবিন ঘোষ দস্তিদাৰে।
অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে তেখেত সকলৰ বহুমুলীয়া প্ৰশ্নৰ উত্তৰত বীৰেন সিংহ দেৱে কয় যে এগৰাকী শিল্পীৰ শিল্পকৰ্ম অনুভৱৰ পৰা সৃষ্টি হয় ।গতিকে শিল্পী সকলৰ নিজৰ কামৰ লগত একাত্ম হৈ কাম কৰিবলৈ পৰামৰ্শ দিয়ে।আনহাতে বিশিষ্ট শিল্পী ননী বৰপূজাৰীদেৱে শিল্পী সকলৰ এটি কাম ৰাইজৰ মাজলৈ গুচি যায় আৰু ভাল বেয়া সমাজে নিৰ্ধাৰণ কৰিব আৰু সেইখনেই শ্ৰেষ্ঠ ছবি হ’ব বুলি ছাত্ৰী সকলক উৎসাহিত কৰে।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট জ্যেষ্ঠ চিত্ৰশিল্পী নীলপবন বৰুৱা,শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, বিশিষ্ট শিল্পী ননী বৰপূজাৰী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী, বীৰেন সিংহ,দিলীপ তামুলী,অতুল চন্দ্ৰ বৰুৱা,দুৰ্লভ ভট্টাচাৰ্য, কিশোৰ কুমাৰ দাস,কমল মহন্ত।
সন্ধিয়া ৪-০০ বজাৰ পৰা অ পক্ষী ৰৈয়া যা ৰে শীৰ্ষক কামৰূপী লোক-সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটি বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ তীৰ্থ শংকৰ দাস কলিতাই।সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সদস্য জানাৰ্দন দেৱ গোস্বামী, কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সদস্য পূৰ্ণিমা শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি আংগুৰলতা ডেকা আৰু সচিব সুৰ্দশন ঠাকুৰদেৱে।
অনুষ্ঠানত কামৰূপী লোকগীত পৰিবেশন কৰে বিশিষ্ট শিল্পী বিৰিণা পাঠকে,কামৰূপী ভিন্ন গীত পৰিবেশন কৰে শৰৎ ৰাগে,মহহু আৰু খঞ্জুৰী পৰিবেশন কৰে বসন্ত পাটগিৰি আৰু তেওঁ দলে।নাওখেলৰ গীত(দক্ষিণ কামৰূপৰ লোক-নৃত্য গীত) পৰিবেশন কৰে ছয়গাঁৱৰ সুকুমাৰ মেধিয়ে,নাগাৰা নাম পৰিবেশন কৰে দৰঙৰ হালধাৰ মহেশ ডেকাৰ দলে।দেৱদাসী নৃত্য পৰিবেশন কৰে সংগীতনাটক অকাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰৰ পৰিচালনাত নৰ্তন কলা নিকেতনৰ শিল্পী সকলে।কামৰূপী ঢুলীয়া পৰিবেশন কৰে নলবাৰী কৈহাটীৰ বিষ্ণুজ্যোতি ধুলীয়া দলৰ শিল্পীসকলে।

Leave A Reply

Your email address will not be published.