জুবিন ফেণ্ডছ ক্লাবৰ মহানুভৱতাঃবিমান যোগে বৰ্হি:ৰাজ্যত মৃত যুৱকৰ মৃতদেহ আহি পালে স্বগৃহ                                    

0 692

হায়দাৰাবাদত ৰহস্যজনক ভাৱে এক দুৰ্ঘটনাত মৃত্যুক আকোৱালী লোৱা চেলেংহাটৰ যুৱক ৰিংকু গগৈৰ মৃতদেহ অৱশেষত স্বগৃহ পাবলৈ সক্ষম হয়।উল্লেখ্য যে হায়দাৰবাদৰ নিউ ভিজন চিকিউৰটি চাৰ্ভিছ নামৰ ব্যক্তিগত সুৰক্ষা প্ৰতিষ্ঠানটোৰ অধীনত কৰ্মৰত আছিল মৰিয়নীৰ চেলেং গাঁওৰ প্ৰয়াত সোনাৰাম গগৈৰ কনিষ্ঠ পুত্ৰ ৰিংকু গগৈ নামৰ যুৱকজন।কৰ্মৰত অৱস্থাতে যোৱা ২১ ডিচেম্বৰত ৰিংকু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিছিল এজন সহকৰ্মীয়ে।আনহাতে ৰিংকুৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটো সমস্যাৰ সন্মুখীন হোৱাত উপায়ন্ত হৈ হায়দাৰাবাদতে সৎকাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।কিন্তু বৰ্হিঃ ৰাজ্যত যুৱকজনৰ মৃত্যু খবৰ লাভ কৰি ৰিংকুৰ গৃহত উপস্থিত হোৱা চেলেংহাটৰ দৈনিক জনমভূমিৰ সাংবাদিক জ্যোতি প্ৰসাদ গগৈ আৰু মৰিয়নিৰ Time 8ৰ সাংবাদিক জুন্টু তাঁতীয়ে মৃতদেহটো স্বগৃহলৈ আনিবলৈ পদক্ষেপ গ্ৰহণ কৰে।সাংবাদিক দ্বয়ে হায়দাৰাবাদত কৰ্মৰত তথা জুবিন ফেণ্ডছ ক্লাৱৰ প্ৰতিস্থাতা বিশ্বজিৎ চুতীয়াৰ সৈতে যোগাযোগ কৰি ঘটনাৰ সবিশেষ অৱগত কৰে।আনহাতে মানবদৰদী বিশ্বজিৎ চুতীয়া তথা জুবিন ফেণ্ডছ ক্লাৱৰ সদস্য সকলৰ প্ৰচেষ্টাত আৰু নিউ ভিজন চিকিউৰটি চাৰ্ভিছ কোম্পানীৰ অপাৰেচন মেনেজাৰ হিমাংশু দাস, পৰিচালন সঞ্চালক ৰাকেশ সিংৰ সহযোগত ৰিংকুৰ মৃতদেহটো স্বগৃহলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। সেই মৰ্মে সোমবাৰে ফ্লাইট যোগে ৰিংকুৰ মৃতদেহটো হায়দাৰাবাদৰ পৰা যোৰহাট বিমান বন্দৰলৈ প্ৰেৰণ কৰে।যোৰহাট বিমান বন্দৰৰ পৰা এম্বুলেন্স যোগে আজি সন্ধিয়া স্বগৃহত উপস্থিত হয় ৰিংকুৰ মৃতদেহ।সন্ধিয়া গাঁও বাসীৰ উপস্থিতিত এক শোকাকুল পৰিবেশত যুৱকজনৰ শেষকৃত্য সম্পন্ন হয়।মনকৰিবলগীয়া যে কৰ্মসংস্থাপনৰ বাবে বৰ্হিঃৰাজ্যত থকা অৱস্থাত অকালতে মৃত্যুক আকোঁৱালী লোৱা পুত্ৰৰ মুখখন শেষবাৰৰ বাবে চাব বিচাৰি মাতৃয়ে অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ বাবে কাতৰ আহ্বান জনাইছিল।ইয়াৰ বিপৰীতে হায়দাৰাবাদৰ জুবিন ফেণ্ডছ ক্লাৱ তথা প্ৰতিস্থাতা বিশ্বজিৎ চুতীয়াই ৰিংকুৰ মৃতদেহটো হায়দাৰাবাদৰ পৰা চেলেংহাটৰ স্বগৃহলৈ পঠোৱাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পৰিয়াল আৰু অঞ্চলবাসীয়ে শলাগ লোৱা লগতে কৃতজ্ঞতা জনাইছে।
খবৰ যুগুতালে জ্যোতি প্ৰসাদ গগৈয়ে।

Leave A Reply

Your email address will not be published.