ভট্টদেৱ বঁটা-২০২৩ লাভ কৰিলে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে

0 106

সৰভোগৰ ঐতিহ্যমণ্ডিত বৰনগৰ সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপনৰ আজি অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ গ্ৰামোন্নয়ন আৰু অসামৰিক যোগান মন্ত্ৰী ৰনজিৎ কুমাৰ দাসক বৰনগৰ সাহিত্য সভাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে “ভট্টদেৱ বঁটা-২০২৩৷
বঁটা গ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয়,আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোক ভট্টদেৱ বঁটা-২০২৩ প্ৰদান কৰিলে যদিও এই বঁটা মই সাদৰেৰে গ্ৰহণ কৰি সৰভোগ আৰু পাটাছাৰকুছি সমষ্টিবাসী ৰাইজৰ বাবে উচৰ্গা কৰিছো৷কিয়নো এই দুই সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদৰ বাবেহে মই সমাজৰ বাবে কাম কৰি যোৱাৰ সুযোগ পাইছো ৷অনুষ্ঠানত বৰনগৰ সাহিত্য সভাৰ সভাপতি সহ বহু কেইগৰাকী স্বনামধন্য সাহিত্যিক উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.