ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থীৰ সন্মিলন

0 238

জীৱন জীৱিকা আৰু প্ৰাত্যহিক ব্যস্ততাকো নিলগাই ঢকুৱাখনাত সমবেত এজাক মহিলা । বিদ্যায়তনিক জীৱনক উভতি চোৱাৰ দুৰ্বাৰ হেঁপাহ এইখিনি মহিলাৰ । অতীতক উভতাই অনাৰ অলীক কল্পনাত বিভোৰ এইখিনি মহিলা । কোনোবা আহিছে যদি লখিমপুৰৰ পৰা কোনোবা আহিছে আকৌ গুৱাহাটীৰ পৰা ।হাৱাজান ,মাছখোৱা ,ধেমাজি,তিনিচুকীয়া আদি ভিন্ন স্থানৰ পৰা প্ৰাক্তন ছাত্ৰী সকল আহি ঢকুৱাখনা বালিকা  উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ দেওবাৰে বিদ্যালয়  চৌহদত গছপুলি ৰোপণ , চৌহদ নিকাকৰণৰে প্ৰাক্তন ছাত্ৰী সন্মিলনৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰে। ১৯৭৯চনত বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা এইসকল প্ৰাক্তন ছাত্ৰীৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা  প্ৰাক্তন ছাত্ৰী সন্মিলনৰ প্ৰথম কাৰ্যসূচীৰ পাছতেই বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাগুৰু দিব্য সন্দিকৈ , চাৰু চন্দ্ৰ চুতীয়া, চক্ৰধৰ বৰগোহাঁই,স্বৰ্ণ গোঁহাই ,জগদীশ গগৈ ,ভোগৰাম কোচ ,সতীৰ্থ বান্ধৱী ৰঞ্জনা কোঁৱৰ ,ৰীনা গগৈ , প্ৰণতি বৰগোঁহাই ,অনিমা দেৱীৰ সশ্ৰদ্ধ স্মৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। পৰৱৰ্তী সময়ত বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সতীৰ্থ সন্মিলনৰ মূল  কাৰ্যসূচী অন্তৰংগ আলাপ অনুষ্ঠান।সন্মিলনৰ আয়োজক নিবেদিতা লাগাচুৱে আঁত ধৰা এই মনোজ্ঞ অন্তৰংগ আলাপ অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ বৰা,আৰু প্ৰফুল্ল চুতীয়া, প্ৰাক্তন শিক্ষক ৰমেন ফুকন, বৰ্তমানৰ প্ৰধান শিক্ষক পৰমা গগৈ ,শিক্ষয়িত্ৰী ছাঁয়া মনি গোঁহাই , ,শিক্ষক মহেশ বৰা  আদি উপস্থিত থাকি বক্তব্য আগবঢ়াই । অন্তৰংগ আলাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰী ক্ৰমে জিনু গগৈ, ৰত্নেশ্বৰী বৰুৱা, ক্ষীৰ গগৈ, অৰুণা বৰগোহাঞি,জয়শ্ৰী গগৈ ,নিবেদিতা লাগাছু ,লাবন্য সূত ,নবনীতা গগৈ , লক্ষী দত্ত,নীলিমা বৰুৱা ,ইৰাণী হাজৰিকা আদি বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰীয়ে অম্লমধুৰ অতীত ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।
একালৰ ছাত্ৰী সকলৰ গীত নৃত্যৰে উদ্ভাসিত হৈ পৰা সন্মিলনত উপস্থিত প্ৰাক্তন ছাত্ৰী সকলক সংগৃহীত পুঁজিৰে বিদ্যালয় গ্ৰন্থাগাৰলৈ এটা  আলমিৰা উপহাৰ দিযে বিদ্যালয় কৰ্তৃপক্ষক। লগতে বিদ্যালয়খনৰ উন্নয়নয়ৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই বিচাৰিলে পৰ্যাপ্ত আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰি শিক্ষানুষ্ঠানখনৰ সামগ্ৰিক দুৰৱস্থা দূৰীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় প্ৰাক্তন ছাত্ৰী সকলে । ইয়াৰোপৰি সন্মিলনৰ অন্যতম আয়োজক  প্ৰাক্তন ছাত্ৰী ,বিশিষ্টা লেখিকা  নিবেদিতা লাগাচুৱে ব্যক্তিগত ভাবে বিদ্যালয় গ্ৰন্থাগাৰলৈ ৫০ খন  মূল্যবান গ্ৰন্থ দান কৰে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.