ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন

0 169

এক ঐতিহাসিক আৰু আশাপ্ৰদৰ দিন প্ৰতিজন ঢকুৱাখনীয়াৰ বাবে।ঢকুৱাখনাবাসীৰ শৈক্ষিক স্বাভিমানক সমুজ্জল কৰি অহা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি প্ৰদানতেই আহিছে এই মাহেন্দ্ৰ ক্ষণ।ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এক নিৰ্দেশনা মতে ১৮৭২ চনতে স্থাপিত এইখন ব্ৰিটিছৰ আমোলৰ চৰকাৰী মজলীয়া বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি স্বীকৃতি প্ৰদান কৰিছে।

এই বিদ্যালয়ৰ উচ্চ বিদ্যায়তনিক যাত্ৰাৰ প্ৰথম পদক্ষেপ হিচাপে বৃহস্পতি বাৰে নৱম শ্ৰেণীৰ শ্ৰেণীকোঠা শুভ উন্মোচন কৰাৰ লগতে পাঠদানৰো শুভাৰম্ভ কৰা হয়। ঢকুৱাখনাৰ শিক্ষাবিদ নাগৰিক, অভিভাৱক ,বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক কৰ্মচাৰী সকলৰ উপস্থিতিত নৱনির্মিত অস্থায়ী শ্ৰেণীগৃহৰ ফিটা কাটি উন্মোচন কৰে ঢকুৱাখনা মহকুমাৰ সহকাৰী আয়ুক্ত ৰাহুল প্ৰসেনজিৎ গগৈয়ে।বৃহস্পতি বাৰে পুৱা এক মাংগলিক পৰিবেশত নৱনির্মিত বিদ্যালয় গৃহৰ উন্মোচন কৰাৰ পাছতে দুটা শ্ৰেণী যুক্ত কোঠাৰ দ্বাৰ উন্মোচনো কৰা হয়।সহকাৰী আয়ুক্ত তথা ঢকুৱাখনৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তই এই শুভ উন্মোচনী কাৰ্য সম্পন্ন কৰে।ইয়াৰ পাছতে উন্মোচিত শ্ৰেণী কোঠাত অনুষ্ঠিত হয় এক উন্মোচনী সভা।বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে আঁত ধৰা উন্মোচনী সভাত উন্মোচক খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তই শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই। সভাত উত্তৰ অসমৰ অভিভাৱক শিক্ষানুষ্ঠান স্বৰূপ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ এই উত্তৰণমুখী  শৈক্ষিক যাত্ৰাৰ বাবে সন্তুষ্টিমূলক আৰু শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই জ্যেষ্ঠ নাগৰিক ক্ৰমে হেম বৰুৱা,কুশল গগৈ,প্ৰবীণ শিক্ষাবিদ ভোলা নাথ গগৈ ,পুষ্পা গগৈ ,বিদ্যালয় সমূহৰ উপপৰিদৰ্শক সৌৰভ বৰফুকন, শিক্ষক গোটৰ হৈ শিক্ষক জীৱন চন্দ্ৰ গগৈ আদিয়ে ।সভাতেই  বিদ্যালয়খনৰ নবাগত নৱম শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰসকলক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি শিক্ষাদান আৰম্ভ কৰা হয়।জ্যেষ্ঠ নাগৰিক পূৰ্ণ লাহন, হৰি নাৰায়ণ গগৈ , গন্ধেশ্বৰ গগৈ , জিতেন পেগু,ৰাজু চুতীয়াকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে উন্মোচনী সভাত ।

যি সময়ত ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয় স্থায়ী ভাবে বন্ধ কৰা হৈছে তেনেসময়ত এইখন বিদ্যালয়ক উন্নীতকৰনৰ স্বীকৃতিৰে নতুন শৈক্ষিক যাত্ৰাৰম্ভত মনোনিবেশ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক উন্মোচনী সভাই কৃতজ্ঞতা জনাইছে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.