তিনিটা শিতানত এন আৰ এলৰ পি আৰ এছ আই ২০২০ ৰাষ্ট্ৰীয় বঁটা লাভ

0 264

এন আৰ এলে পি আৰ এছ আই ৰাষ্ট্ৰীয় বঁটা ২০২০ ৰ সৰ্বমুঠ তিনিটা শিতানত জনসংযোগ আৰু ব্ৰেণ্ডিঙৰ বাবে ছ’চিয়েল মিডিয়া,ক’ভিড-১৯ৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াৰ সৰ্বোত্তম ব্যৱহাৰ তথ্য হিন্দী আলোচনী প্ৰয়াসৰ বাবে বঁটা লাভ কৰে।
উক্ত বঁটা সমূহ যোৱা ২১ ফেব্ৰুৱাৰী ২১ ফেব্ৰুৱাৰীত জুম প্লেটফৰ্মৰ দ্বাৰা অনুষ্ঠিত ভাৰ্চুৱেল বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা হয়।উত্তৰাখণ্ডৰ ৰাজ্যপাল বেবী ৰাণী মৌৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত উচ্চ শিক্ষাৰ কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় ড° ৰমেশ পখিয়াল নিষ্কাঞ্জীৰ সভাপতিত্বত আন্ত:ৰাষ্ট্ৰীয় জনসংযোগ সংঘৰ অধ্যক্ষ ড° অজিত পাঠকৰ উপস্থিতিত অনুষ্ঠিত হয়।এন আৰ এলৰ পৰিচালনা সঞ্চালক এচ কে বৰুৱা, জ্যেষ্ঠ মুখ্য মহাপ্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰ আৰু উপ-মহাপ্ৰবন্ধক মধুচন্দা অধিকাৰীয়ে উক্ত বঁটা ভাৰ্চুৱেল ভাৱে গ্ৰহণ কৰে।
এই ভাৰ্চুৱেল বঁটা প্ৰদান অনুষ্ঠানত পি আৰ এছ আইৰ ফেচবুক পেজসমূহত অভূতপূৰ্ব সঁহাৰি আৰু সহযোগিতাৰে লাইভ সম্প্ৰচাৰিত হয়।পি আৰ এছ আই হৈছে জনসংযোগ আৰু কৰ্পৰেট সঞ্চাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠতাৰ বাবে প্ৰদান কৰা সৰ্বশ্ৰেষ্ঠ স্বীকৃতি।চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শীৰ্ষ কোম্পানীসমূহে এই বঁটাৰ প্ৰতিদ্বন্দিতা কৰাৰ বাবে পি আৰ এছ আই ৰাষ্ট্ৰীয় বঁটাই যথেষ্ট গুৰুত্ব বহন কৰে।

Leave A Reply

Your email address will not be published.