ভাৰতীয় সেনাৰ বাবে উপহাৰ আগবঢ়ালে সোনাম ৱাংচুকে

0 263

সৈনিক সেইজন,যিজনে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি দেশৰ বাবে সদা জাগ্ৰত পহৰীৰ দৰে কৰ্তব্য সম্পাদন কৰে। সৈনিকে কৰ্তব্য খাতিৰত অতিশয় হাড় কপোৱা জাৰত অথবা প্ৰখৰ ৰ’দকো আওকাণ কৰি শত্ৰুক ভেটিব যায়।
চীন ভাৰতৰ প্ৰসংগই সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰা সময়তে উদ্ভাৱক সোনাম ৱাংচুকে চৰ্চা লাভ কৰিছে।কিয়নো সোনাম ৱাংচুকে সৈনিক সকলৰ বাবে সৌৰ উত্তপ্ত টেন্ট উদ্ভাৱন কৰিছে।উল্লেখযোগ্য যে ভাৰতীয় সেনাই বৰফে আবৃত পাহাৰত ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ জুই জ্বলায়।যাৰ বাবে বহু তেল আৰু কাঠৰ খৰি প্ৰয়োজন হয়।
এই সম্পৰ্কে সোনাম ৱাংচুকে কয় যে পৰিৱেশ প্ৰদূষণ ৰোধ কৰা আৰু ঠাণ্ডাৰ পৰা পৰিত্ৰাণ দিবলৈ এই টেন্টে সক্ষম হ’ব।লগতে কয় যে এয়া ভাৰতীয় সেনাৰ বাবে আমাৰ এক উপহাৰ।উল্লেখযোগ্য যে সোনাম ৱাংচুকে ইতিপূৰ্বে কাশ্মীৰত ভেড়াৰ বাবে এনেধৰণৰ টেন্ট প্ৰস্তুত কৰিছিল।এই টেন্টে ভাৰতীয় সেনাক ঠাণ্ডাৰ পৰা অলপ হ’লেও সকাহ যোগাব বুলি বিজ্ঞ জনে মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.