তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত পঞ্চম উপায়ুক্ত সন্মিলন

0 129

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত পঞ্চম উপায়ুক্ত সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ৰাজ্যখনৰ জিলা উপায়ুক্তসকল আৰু ৰাজ্য প্ৰশাসনৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকিব।

সন্মিলনৰ ১৭ মে’ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নিজে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। আজি প্ৰথম দিনা পাঁচটা কৈ স্থানত অনুষ্ঠিত হৈছে বৈঠক। ইয়াৰ ডিব্ৰুগড় জিলাৰ তিনিটা স্থানত অনুষ্ঠিত হৈছে বৈঠক।
জলসম্পদ বিভাগৰ সভা কক্ষত চিৰাং, কোকৰাঝাৰ, বাক্সা,তামুলপুৰ, ওদালগুৰি, ডিমা হাচাও,কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বিআংলং জিলা।

জলসম্পদ বিভাগৰ অতিথি শালাত মন্ত্ৰী বিমল বড়া উপস্থিত থাকি পৰ্যালোচনা কৰে ৷ লগতে থাকে অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সমল আৰু অভিভাৱক সচিব সকল উপস্থিত আছে ।

আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় গেষ্ট হাউচত অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত সমূহৰ বৈঠকত নগাঁও ,(হোজাইৰ সৈতে), মৰিগাঁও আৰু দৰং জিলা উপায়ুক্ত সকল আছে।পৰ্যালোচক হিচাপে উপস্থিত আছে মন্ত্ৰী অজন্তা নেওগ। লগতে উপস্থিত আছে অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ সহ অন্যান্য অভিভাৱক সচিব সকল উপস্থিত আছে।

সন্মিলনত বিশেষকৈ জিলা সমূহৰ বিভিন্ন বিভাগৰ উন্নয়ন তথা আন্তঃগাথঁনিৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হব। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,জনস্বাস্থ্য কাৰিকৰী,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা,আৱকাৰী,পৰিৱেশ আৰু বন বিভাগ,কৃষি,
খাদ্য অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা,শক্তি,মহিলা আৰু শিশু,স্বাস্থ আৰু পৰিয়াশিক্ষা,গৃহ, নগৰ, সাধাৰণ প্ৰশাসনিক বিভাগআদিৰ বিষয়ে আলোচনা হ’ব।

Leave A Reply

Your email address will not be published.