নগাঁৱৰ দক্ষিণ জাজৰিত ৰঙালীৰ বসন্ত উৎসৱ-২৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

0 190

নগাঁৱৰ দক্ষিণ জাজৰিত ৰঙালীৰ বসন্ত উৎসৱ উদযাপন। ব’হাগৰ বিদায় ক্ষণত ২৯ আৰু ৩০ বহাগত দুদিনীয়াকৈ উদযাপন কৰে এই উৎসৱ। প্ৰথম দিনা আকৰ্ষণীয় খেল-ধেমালীৰ পিছত ৩০ বহাগৰ সন্ধ্যা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী, সঞ্চালক কল্লোল শইকীয়াই। সাংস্কৃতিক অনুষ্ঠানৰ আগে আগে দক্ষিণ জাজৰি বৃহত্তৰ অঞ্চলৰ সমাজ হিতৈশী ২৫ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ড° বিজয়লক্ষ্মী মহন্ত, কনক চন্দ্ৰ বৰদলৈ, হৰিকান্ত বৰা, মিণ্টু গোস্বামী, সৰ্বানন্দ মহন্ত, বুবুল হীৰা, মিলেশ্বৰ ডেকা, পংকজ ডেকা, দিনবন্ধু মহন্ত, মহেন্দ্ৰ মহন্ত, আনন্দ বৰদলৈ, ধনীৰাম বৰদলৈ, নৰেন ডেকা, হেমচন্দ্ৰ বৰদলৈ, ক্ষেম গোস্বামী, ভবেন বৰা, ডিম্বেশ্বৰ হীৰা, জগত হীৰা, তিথিপ্ৰসাদ হীৰা, বিপুল বৰা, সীমাৰেখা ভৰালী, চিন্ময়ী বৰা,অজিত দাস।তাৰ পিছতে অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত শিল্পী ৰাহুল দেৱ বৰদলৈৰ এটি বৰগীতেৰে আৰম্ভ হোৱাৰ পিছত কলাকাৰ মইনা পাৰিজাতৰ কণ কণ মইনাহতৰ দলীয় নৃত্য পদৰ্শন, আমন্ত্রীত বিহু আৰু জেং বিহুৰ দল আদি বহু আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.