ক’ভিডৰ পৰিস্থিতিৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকা পৰিপ্ৰেক্ষিত ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অধ্যয়ন আৰু স্বাস্থ্যৰ বুজ ল`লে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চাৰিজন শিক্ষকে। মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত দূৰণিবটীয়া অনাগ্ৰসৰ অঞ্চলৰ পৰা আহি অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকল ঘৰতে থাকিব লগা হৈছে। তেনে পৰিস্থিতিতে শিক্ষক হিচাপে নিজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা দায়বদ্ধতাক গুৰুত্ব দি নিজাববীয়া প্ৰচেষ্টাত শিক্ষকৰ দলটোৱে বকো সমষ্টিৰ অন্তৰ্গত পিছপৰা চৰ অঞ্চলৰ লগতে সোনতলি, কালাতলি, ছমৰীয়া আৰু ছয়গাও সমষ্টিৰ অন্তৰ্গত জোৰ শিমলু, গৰৈমাৰী, গুমি আদি অঞ্চললৈ গৈ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বুজ লয়। মহাবিদ্যালয় খনৰ গণিত বিভাগৰ অধ্যাপক প্ৰশান্ত কলিতাৰ নেতৃত্বত যোৱা অধ্যাপকৰ দলটোত আছিল ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক উৎপল দাস, জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধ্যাপক মানবেন্দ্ৰ কলিতা, ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড: শৈলেন্দ্ৰ কুমাৰ দাস। মহাবিদ্যালয় খনৰ বিজ্ঞান শাখাৰ কৰ্মচাৰী নয়ন কলিতাইও সহযোগ কৰে। ক’ভিড কালীন পৰিস্থিতিৰ মাজত থকা ছাত্ৰ- ছাত্ৰী সকল কেনেদৰে আছে বা পঢ়া শুনা কেনেকৈ কৰিছে বা অনলাইন ক্লাছৰ জৰিয়তে পাঠ্যক্ৰম বুজিছেনে নাই তাৰ খবৰ লয়। দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ শ্ৰেণী সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ ব্যাঘাত হৈছে। বিশেষকৈ বিজ্ঞান শাখাত অধ্যয়নৰত শিক্ষাৰ্থী সকলে পাঠ্যক্ৰমৰ বিষয়বস্তু বুজি পোৱাত যথেষ্ট অসুবিধাৰ হৈছে । এই অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষক কেইজনে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।লগতে ছাত্ৰ-ছাত্ৰী মনোবল বৃদ্ধি কৰি অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। ক`ভিড পৰিস্থিতিৰ মাজত মিৰ্জাৰ পৰা শিক্ষক কেইজনে ছাত্ৰ ছাত্ৰীৰ ঘৰ বিচাৰি তেওঁলোকৰ কাষলৈ অহাত উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থী সকল। উল্লেখ্য যে, নেটৱৰ্ক ভালকৈ নথকাৰ বাবে অনাগ্ৰসৰ অঞ্চলৰ এই সমূহ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছে। এই চাৰি গৰাকী শিক্ষকে শৈক্ষিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি ছাত্ৰ ছাত্ৰীৰ ওচৰলেগৈ তেওঁলোকক নিজৰ ব্যক্তিগত ফোন নম্বৰত ফোন কৰি অধ্যয়নত অসুবিধা পালে যোগাযোগ কৰিবলৈ উপদেশ দিয়ে। শিক্ষক কেইজনে অভিভাৱক সকলৰ সৈতেও তেওঁলোকৰ সন্তানৰ অধ্যয়নত হোৱা সমস্যা আৰু উপায় সন্দৰ্ভত আলোচনা কৰে। শিক্ষাৰ্থীৰ প্ৰতি দায়বদ্ধ শিক্ষক কেইজনৰ এই পদক্ষেপক অভিভাৱক সকলে আদৰণি জনাইছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ