দক্ষিণ কামৰূপ সচেতন মঞ্চৰ প্ৰয়াসক আদৰণি বিদ্বৎ সমাজৰ- পহিলা মাঘত ৬ সত্ৰাধিকাৰৰ গৃহত গৈ স্বাস্থ্যৰ বুজ ল’লে

0 143

আজিৰ একাংশ তথাকথিত শিক্ষিত সমাজে কিম্বা একাংশ উচ্চ পদবী ধাৰি পুত্ৰ-বোৱাৰী, জী-জোঁৱাই পাহৰি গৈছে পিতা-মাতা, শহুৰ-শাহু, অভিভাবক সন্মান দিবলৈ। বিহু, তিথি-পৰ্বতো এষাৰ মাত দিবলৈ অপাৰগ। আজি পহিলা মাঘত দক্ষিণ কামৰূপ সচেতন মঞ্চই বৃহত্তৰ এলেকাটোৰ ছয়গৰাকী সত্ৰাধিকাৰৰ গৃহে গৃহে গৈ সেৱা সন্মান জনায়। লগতে স্বাস্থ্যৰ বুজ লয়। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক তথা শিক্ষক ৰঞ্জিত মহন্ত, সদস্য তথা কবি অৰূপ কলিতাৰ নেতৃত্বত এটি দলে গণকপাৰাৰ শ্রী শ্রী বংশীগোপাল চতুর্ভুজ সত্ৰৰ সত্ৰাধিকাৰ কান্তিৰাম ঠাকুৰীয়া (৮৬), নকথাৰ শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ সত্ৰাধিকাৰ নৰেন দাস (৮২), দীঘলকুছিৰ কলীয়া ঠাকুৰ সত্ৰৰ সত্ৰাধিকাৰ অমান ভৰালী(৮০), জজিৰ শ্ৰীশ্ৰী ৰামচন্দ্ৰ চতুর্ভুজ সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণকান্ত ডেকা (৬৬), গোৱালহাটীৰ শ্ৰীশ্ৰী ৰামচন্দ্ৰ চতুর্ভুজ সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুৰাম বৰুৱা (৮৬), লেংটাৰ শ্ৰীশ্ৰী লেংটা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ উপ-সভাপতি, দক্ষিণ কামৰূপ সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তক সাক্ষাৎ কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মাই আশা প্রকাশ কৰে- আগন্তুক বৰ্ষ, সময়বোৰ সকলোৰে বাবে শুভ, সুখদায়ক হয় তাৰ বাবে সত্ৰাধিকাৰসকলে প্ৰাৰ্থনা কৰিব। সমাজত এতিয়া বৰ বৰ কথা কোৱা মানুহ আছে। কিন্তু তেওঁলোকৰ ভিতৰখন, অন্তৰবোৰ চৰুৰ চাইতকৈ কলচিয়া। আশাকৰোঁ, সকলোৰে অন্তৰবোৰ পবিত্র হওক, মেজিৰ জুইত কৃত্রিম মনবোৰ বিসৰ্জন দিয়ক। অধ্যক্ষ মদন দাসে কয়- সত্ৰাধিকাৰ প্ৰভুসকলে সমাজৰ কল্যাণৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰি যাওক। ঈশ্বৰে শকতি দিয়ক। সমাজৰ হিত সাধন কৰক। ৰঞ্জিত মহন্তই কয়- সত্ৰাধিকাৰসকল অসমীয়া জাতীক ধৰ্মৰ দলেৰে লগতে সমান দৃষ্টিভঙ্গিৰে, সৰলতাৰে আগবঢ়াই লৈ যাওক। নতুন প্রজন্মক সৎ পথৰ আদৰ্শ দেখুওৱাক।
বাতৰি যুগুতালে জিতুমণি দাসে…

Leave A Reply

Your email address will not be published.