দিছপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৩ এপ্ৰিলত ক্লাব চৌহদত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা) গৌতম দাসক বিপুল সম্বৰ্ধনা জনোৱা হয় । বিশেষকৈ বিগত সময়চোৱাত গৌতম দাসে ৰাজহ সংগ্ৰহকে ধৰি পৰিবহন বিভাগক জনমুখী কৰি ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ কৰা প্ৰয়াস আৰু পথ সুৰক্ষাৰ বাবে যান বাহনৰ চালক, পৰিচালক আৰু হেণ্ডিমেনৰ মাজত সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী, অমল গুপ্ত, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক পি.কে. দত্তকে ধৰি ক্লাৱৰ কৰ্মকর্তা সকলে গৌতম দাসক জাপি , গামোছা, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত পৰিবহন বিষয়া গৌতম দাসে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগতে অতন্দ্ৰ প্ৰহৰী বুলি ব্যক্ত কৰে আৰু বিগত সময়চোৱাত পৰিবহন বিভাগক পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে সংবাদ মাধ্যমে লোৱা বলিষ্ঠ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা