দুটা ভাল খবৰ

0 279

মুকাভিনয়ৰ যোগেদি সমাজত এক জাগৰণ আনিবলৈ সক্ষম হোৱা শিল্পী কুলদীপ পাটগিৰী আমন্ত্ৰিত হৈছে ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা শিল্পী বঁটাৰ বাবে। উল্লেখযোগ্য যে অহা ২৫ আগষ্টত অৰুণাচলৰ ইটানগৰস্থিত ৰাজভৱনত এই বঁটা লাভ কৰিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কুলদীপে মুকাভিনয়ৰ লগত বহু বছৰৰ পৰা জৰিত হৈ আছিল। nefocus.com ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কুলদীপ জনায় যে মইনা পাৰিজাত নামৰ অনুষ্ঠানটোৰ যোগেদি পোনপ্ৰথমে তেওঁ মুকাভিনয় শিল্পী হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰে। ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত যেনে দিল্লী, মুম্বাইত দলীয়ভাৱে প্ৰদৰ্শন কৰাৰ সুযোগ পাইছে। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ লগত ওতঃপ্ৰোত ভাবে জৰিত হৈ আছে। কুলদীপৰ মতে তেওঁৱেই প্ৰথমে তেজীমলা নাটকখন মুকাভিনয়ৰে প্ৰদৰ্শন কৰিছিল।

IMG-20170818-WA0021

IMG-20170818-WA0022

IMG-20170818-WA0023

IMG-20170818-WA0024

স্মতৰ্ব্য যে পাটশালাৰ কুলদীপৰ দ্বাৰা পৰিচালিত এটা সাংস্কৃতিক দলে একেৰাহে ৪ বাৰকৈ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত সোণৰ পদক পাবলৈ সক্ষম হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞানৰ গৱেষক ছাত্ৰৰ এই খবৰত আনন্দিত হৈ আমি জনাইছো বহু অভিনন্দন। 

IMG-20170818-WA0027

আমেৰিকা যুক্তৰাষ্ট্ৰই অনুষ্ঠিত কৰা ২৪ তম আন্তঃৰাষ্ট্ৰীয় WILD LIFE SOCIETY সভালৈ আমন্ত্ৰিত হ’ল অসমৰ গুৱাহাটীৰ জুৰি গোস্বামী।আমেৰিকাৰ এই আন্তঃৰাষ্ট্ৰীয় সভাত বিশ্ব বহু ৰাষ্ট্ৰ প্ৰতিনিধিৰ আগত প্ৰথমবাৰৰ কাৰণে  উত্তৰপূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিব অসমৰ National Law College ৰ গৱেষক ছাত্ৰী জুৰি গোস্বামীয়ে। অহা ২৩ ছেপ্তেম্বৰ পৰা ২৭ ছেপ্তেম্বৰলৈকে আমেৰিকাৰ নিউ মেক্সিকো চহৰত অনুষ্ঠিত হ’ব WILD LIFE SOCIETY  আন্তঃৰাষ্ট্ৰীয় সভা। এই সভাত জুৰি গোস্বামীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংৰক্ষণত চৰকাৰ আৰু  জনসাধাৰণৰ ভূমিকাৰ ওপৰত বক্তব্য ৰাখিব বুলি আমাক জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু Noida ৰ Amit Law College ৰ পৰা LLM ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ  গোস্বামীয়ে বৰ্তমান National Law Institute ৰ  অধীনত কাজিৰঙা আৰু  পবিতৰা বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গৱেষণাৰ কৰি আছে। কাজিৰঙা গড়ৰ হত্যা ক্ষেত্ৰত যি আন্তৰ্জাতিক চোৰাং ব্যৱসায় চলি আছে সেইয়া বন্ধ কৰি বন্য প্ৰাণী সংৰক্ষণ  বাবে  সজাগতা  বৃদ্ধিৰ  কৰা উদ্দেশ্যেৰে  সভাত  অংশগ্ৰহণ কৰিব বুলি  মত ব্যক্ত কৰে। জুৰি গোস্বামী গুৱাহাটী  ফটাশিল আমবাৰী  সুভাষ গোস্বামী আৰু  ৰেনু গোস্বামী  জ্যেষ্ঠ কন্যা । ভাৰতবৰ্ষৰ পৰা প্ৰথমবাৰৰ কাৰণে আমেৰিকা  যুক্তৰাষ্ট্ৰৰ WILD LIFE SOCIETY আন্তঃৰাষ্ট্ৰীয় সভালৈ জুৰি গোস্বামী  আমন্ত্ৰিত হোৱা খবৰে পৰিয়ালৰ  লগতে  সমগ্ৰ  অসমবাসীকে উৎফুল্লিত কৰিছে।

খবৰ যুগুতালে- উমাকান্ত বৰুৱায়ে

Leave A Reply

Your email address will not be published.