সৰাপাতক জীৱন্ত কৰিব বিচৰা ব্যক্তিৰ কথাৰে

0 307

কবিতা শুনি অথবা পঢ়ি ভাল পায় নে? মই ভাবো প্ৰতিজন সেউজীয়া ভালপোৱা, সেউজ মনৰ মানুহে কবিতা ভাল পায়, কবিতা শুনি ভালপায়। যিদৰে কোনো গানে এখন সমাজলৈ শান্তিৰ বাৰ্ত্তা বিলায়, ঠিক সেইদৰে এটা কবিতায়েও বহু ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সুচনা কৰিব পাৰে।

PicsArt_08-18-05.53.58

আবৃত্তিকাৰৰ আবৃত্তি শৈলীয়ে এটা কবিতাক জনপ্ৰিয় কৰি তোলাত যথেষ্ট ইন্ধন যোগায়। আজি আপোনালোকক পৰিচয় কৰি দিব বিচৰা কবিতাটো কোনো প্ৰখ্যাত কবিৰ কবিতা নহয়, কবিতাটো লিখিছিল এজন উদীয়মান কবিয়ে। লিৰিকছ খিনিয়ে জনপ্ৰিয়তা শিখৰত আৰোহণ কৰাৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে। অতি কম সময়ৰ ভিতৰত ইণ্টাৰনেটত ইউটিউৱত এটা বিশেষ কবিতাই জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। কবিতাটো হ’ল “সৰাপাত সোঁৱৰণী হ’ব নোৱাৰে”। কবিতাটোৰ কবি পাৰ্থ সীমান বৈশ্য।

IMG-20170818-WA0015

ইতিমধ্যে কবিতাটোয়ে হাজাৰ জনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। কবিতাটোৰ সন্দৰ্ভত আমি কথা পাতিছিলো, কবিতাটোৰ সৃষ্টিৰ আঁৰৰ ব্যক্তিজনৰ লগত… তেখেতে আমাক এনেদৰে জনায়। কবিতাটো সৃষ্টিৰ মূল উৎস বুলিলে এজোপা পলাশ গছ আৰু এজন বন্ধুৰ কাহিনীৰ কথা ক’ব পাৰি। সেই বিশেষ পলাশ গছ জোপাক মই প্ৰত্যক্ষ কৰিছিলো আৰু বন্ধুজনৰ এক পক্ষীয় প্ৰেমৰ কাহিনীয়ে মোক এনে এটা কবিতা ৰচনা কৰাৰ বাবে সহায় কৰিলে। বাইহাটা চাৰিআলিৰ সমীপৰ গাছবাৰীৰ পাৰ্থই ইতিমধ্যে ১০০ ৰো অধিক কবিতা লিখাৰ কথা জনাবলৈ দিয়ে।

IMG-20170818-WA0014

এইখিনিতে পুনৰবাৰ জনাইছো, পাৰ্থই কবিতাটো লিখিছেহে কিন্তু এই কবিতাটোক আবৃত্তিৰ যোগেদি প্ৰাণবন্ত কৰি তুলিছে নিৰিবিলি কাশ্যপ আৰু মঞ্জিল বৰুৱাই।

আপুনি হয়তো কবিতাটো নিজেই নুশুনিলে বিশ্বাস কৰিব নোৱাৰিব, কিদৰে নিৰিবিলি আৰু মঞ্জিলে কবিতাটোক জীবন্ত ৰূপৰ ছবি এখন শ্ৰোতা, পাঠক সমাজলৈ আগবঢ়াইছে। আচলতে সৰুৰে পৰা আবৃত্তিৰ লগত জৰিত থকা নিৰিবিলিয়ে মাক আৰু খুৰাকৰ পৰা আবৃতিৰ আদিপাঠ শিকিছিল। তেওঁৰ সুন্দৰ উপস্থাপনেৰে কবিতাটোক জনপ্ৰিয় কৰি তোলা সহায় কৰিলে। জানিব পৰা মতে নিৰিবিলি কাশ্যপে স্নাতক ৩য় বৰ্ষত অধ্যয়ন কৰি আছে।

IMG-20170818-WA0013

আনহাতে লখিমপুৰৰ যুৱক মঞ্জিল বৰুৱাৰ কথনশৈলীয়ে কবিতাটোক অন্য এক মাত্ৰা প্ৰদান কৰিছে। পোৱা-নোপোৱা মান অভিমানেই কবিতাটোৰ মূল উপজীব্য।

এইগোটেই সৃষ্টিৰ আঁৰত অৰিহণা যোগাইছে Whatsapp ৰ এটা গ্ৰুপে। Whatsapp যোগে মিলিত হৈ এনে ধৰণৰ গঠনাত্মক কামত অংশ লোৱাৰ বাবে সচেতন জনসাধাৰণৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। প্ৰিয় পাঠক, পূৰ্বে কোৱাৰ দৰে আমি সেই সকলক পৰিচয় কৰি দিব বিচাৰো, যি সকলে সমাজৰ বাবে বিশেষ কিবা এটা কৰে। আজি আমি তাৰেই প্ৰতিশ্ৰুতি ৰাখিলো। কবিতাটো Youtube ত শুনিবৰ বাবে চাৰ্চ কৰক “সৰাপাত সোঁৱৰণী হ’ব নোৱাৰে”। অনাগত দিনৰ বাবে nefocus.com ৰ ফালৰ পৰা পাৰ্থ, নিৰিবিলি আৰু মঞ্জিল লৈ যাছিলো বহু শুভকামনা।

Leave A Reply

Your email address will not be published.