নগৰ পৰিকল্পনাৰ শেহতীয়া ধাৰণাৰ সমাহাৰেৰে ৰাজ্যত গঢ়ি তোলা হ’ব এক ‘জ্ঞান কেন্দ্ৰ’ – অসম নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তুতি

0 196

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ বিশেষ তৎপৰতাত ৰাজ্যৰ নগৰ পৰিকল্পনাৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তনৰ সূচনাৰ উদ্দেশ্যেৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তাৰেই এক অংশ হিচাপে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ নগৰ পৰিকল্পনা কোষক বিশেষভাৱে সক্ৰিয় কৰি তোলা হৈছে৷ এই কোষৰ অধীনত ইতিমধ্যেই এক এক জি আই এছ জিঅ’ হাব [GIS Geo Hub] মুকলি কৰা হৈছে৷ ভৌগোলিক তথ্য পদ্ধতি আধাৰিত শেহতীয়া প্ৰযুক্তিৰে এই কেন্দ্ৰই ইতিমধ্যে ৰাজ্যৰ নগৰাঞ্চলসমূহৰ জি আই এছ মেপিঙৰ কাম আৰম্ভ কৰিছে৷ এই কেন্দ্ৰত পাঁচগৰাকীকৈ বিশেষজ্ঞক ইতিমধ্যেই নিয়োগ কৰা হৈছে আৰু তেওঁলোকে অত্যাধুনিক লিডাৰ জৰীপৰ কাম আৰম্ভ কৰাৰ লগতে এক উৎসৰ্গীকৃত পৰ্টেল নিৰ্মাণত ব্ৰতী হৈ আছে৷

আনহাতে অসমৰ নগৰ পৰিকল্পনাৰ ক্ষেত্ৰখনলৈ শেহতীয়া ধাৰণা আৰু প্ৰযুক্তিৰ আগমনক উৎসাহিত কৰাৰ বাবে নগৰ পৰিকল্পনা কোষৰ অধীনত অচিৰেই এক জ্ঞান কেন্দ্ৰ বা ‘ন’লেজ হাব’ গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই কেন্দ্ৰত গুজৰাট, তেলেংগানা আদিৰ দৰে নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত উন্নত প্ৰদৰ্শন দাঙি ধৰা ৰাজ্য তথা বিদেশৰো বিশেষজ্ঞ ব্যক্তিক নিয়োজিত কৰা হ’ব আৰু অসমৰ প্ৰেক্ষাপটত হাতত ল’ব পৰা নগৰ পৰিকল্পনা আঁচনি আদি সন্দৰ্ভত তেওঁলোকে বিভাগক দিক নিৰ্দেশনা প্ৰদান কৰিব৷

অসমৰ নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত হাতত ল’ব লগা আন এক বৈপ্লৱিক পদক্ষেপ স্বৰূপে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান [National Institute of Urban Affairs]ৰ আৰ্হিত ৰাজ্যখনতো অসম নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান [Assam Institute of Urban Affairs] নামৰ এক প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তুতি চলোৱা হৈছে৷ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ দৰে প্ৰস্তাৱিত এই প্ৰতিষ্ঠানত মূলতঃ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব৷ ৰাজ্যৰ নগৰ পৰিক্ৰমা বিভাগৰ বিষয়া-কৰ্মসকলৰ লগতে পৌৰ নিকায়সমূহৰ নিৰ্বাচিত জলপ্ৰতিনিধি আৰু কৰ্মকৰ্তাসকলক শেহতীয়া প্ৰযুক্তিগত বিষয়ৰ প্ৰশিক্ষণ প্ৰদানেৰে তেওঁলোকৰ দক্ষতা বৃদ্ধিয়েই হ’ব প্ৰস্তাৱিত এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য৷

উল্লেখযোগ্য যে কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে জনতা ভৱনত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে এক বৈঠকত মিলিত হৈ উল্লিখিত বিষয়সমূহ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে৷

Leave A Reply

Your email address will not be published.