নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ৩০ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

0 131

ৰিফাইনেৰী লিমিটেডৰ ৩০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন ১৯ আগষ্টত গুৱাহাটীৰ এন আৰ এল কৰ্পোৰেট কাৰ্য্যলয়ত অনুষ্ঠিত হয় । এন আৰ এলৰ অধ্যক্ষ আৰু অইলৰ চি এম ডি ড০ আৰ ৰথৰ সভাপতিত্বত ভাৰ্চুৱেল মোডত অনুষ্ঠিত সভাত এন আৰ এলৰ এম ডি বি জে ফুকন আৰু ব’ৰ্ডৰ অন্যান্য সদস্য আৰু কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰ সকলে অংশগ্ৰহণ কৰে।

বাৰ্ষিক সাধাৰণ সভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ২৩৫.৪০ কোটি টকাৰ চূড়ান্ত লভ্যাংশ ঘোষণা কৰা হয়। ইতিমধ্যে কোম্পানীটোৱে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৮৮২.৭৬ কোটি টকাৰ অন্তৱীকালীন লাভ্যাংশ প্ৰদান কৰিছে।

এইদৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে মুঠ লাভৰ ৩০.২০ শতাংশ, ১,১১৮.১৬ কোটি টকা লাভ্যাংশ প্রদান কৰা হয়।

কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকলক সম্বোধন কৰি এন আৰ এলৰ অধ্যক্ষ ড০ ৰঞ্জিত ৰথে কয়,‘আজি সঁচাকৈয়ে এক বিশেষ ক্ষণ, কিয়নো ভাৰত চৰকাৰে এন আৰ এলক Schedule ‘বি’ৰ পৰা Schedule ‘এ’ CPSE, লৈ উন্নীত কৰাৰ ঘোষনাৰ পিছত এইখন প্রথম বাৰ্ষিক সাধাৰণ সভা (এজিএম)। এই সুযোগতে আপোনালোক সকলোকে এইটো সম্ভৱ কৰি তোলাৰ বাবে আন্তৰিক অভিনন্দন জনাইছো । তেওঁ লগতে কয় ‘এই সাফল্য হৈছে এন আৰ এলৰ ৩০ বছৰীয়া
গৌৰৱময় যাত্ৰাত প্রতিটো ক্ষেত্ৰতে কাৰ্য্যকলাপৰ অক্লান্ত প্রচেষ্টা আৰু অসাধাৰণ কৃতিত্বৰ ফল।

Leave A Reply

Your email address will not be published.