পাণ্ডু টেম্পুলঘাটত ১৫০দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিলে

1 483

দেশত চলি থকা লকডাউনৰ বাবে দুখীয়া লোকৰ মাজত হ’ব পৰা খাদ্য সামগ্ৰীৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দল সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান ,প্ৰতিষ্ঠান, জনপ্ৰতিনিধি আৰু বহু সহৃদয়ৱান ব্যক্তি আগবাঢ়ি আহি খাদ্য সামগ্ৰী বিতৰণ কৰিছে।
 
 
মঙলবাৰে মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত পাণ্ডুৰ টেম্পুলঘাটৰ প্ৰভাত পথ ৰাইজ গয়ৰহৰ উদ্যোগত অঞ্চলটোৰ ১৫০টা দুখীয়া পৰিয়ালক প্ৰায় এমাহৰ জোখাৰে চাউল, দাইল, আলু, নিমখ, মিঠাতেল আৰু বিস্কুট বিতৰণ কৰে।
 
 
 
বিতৰণৰ কাৰ্যসূচীত দীপুল ডেকা, বিকাশ দাস আৰু অমৃত লাল মণ্ডলকে ধৰি প্ৰভাত পথ ৰাইজ গয়ৰহৰ কেইবাজনো কৰ্মকৰ্তা আৰু সদস্য উপস্থিত থাকে। তেনেদৰে অঞ্চলটোৰ দুগৰাকী শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে মহেশ কলিতা আৰু একাদশী  সৰকাৰে পাঁচোটাকৈ মুঠ দহটা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।

1 Comment
  1. DipulDeka says

    Thanks to NE Focus

Your email address will not be published.