পেৰিছ ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ চিকি-মিকি প্ৰদৰ্শন

0 238

বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইকত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব চিকি-মিকি ৷ যোৱা শুকুৰবাৰে পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে।

পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই ৷ কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণ তুলি ধৰিছে ডিজাইনাৰ সংযুক্তা দত্তই৷পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতি যোৰ পোচাকেই সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া দিশটো হ’ল- হস্ত কৌশলেৰে প্ৰস্তুত এনে এযোৰ পোছাক সাজু কৰি তুলিবলৈ ফেশ্বন ডিজাইনাৰ গৰাকীক ২৫ দিন সময়ৰ প্ৰয়োজন হৈছিল ৷

সংযুক্তাৰ এই উচ্চ মানৰ ফেশ্বন ডিজাইনে ভাৰতীয় হস্ততাঁত শিল্পৰ জয় যাত্ৰা অব্যাহত ৰখাৰ লগতে জীৱনৰ প্ৰতিটো দিশতে মহিলাসকলৰ বাবে সমসাময়িক পৰম্পৰাগত ফেশ্বনৰ সংমিশ্ৰণ নিশ্চিত কৰে।পেৰিচত ফেশ্বন ডিজাইনাৰ গৰাকীৰ অনুষ্ঠান উপভোগ কৰি পেৰিচৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব দেবাশিষ চক্ৰৱৰ্তীয়ে সংযুক্তাৰ পোচাক সমূহৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ কামে দেশখনক গৌৰৱান্বিত কৰা বুলি সদৰি কৰে।

পেৰিচৰ ফেশ্বন শ্ব’টিত অংশগ্ৰহণৰ পিছত ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে – কেতিয়াবা ভগৱানৰ উপহাৰবোৰ আমাৰ আটাইতকৈ ডাঙৰ সপোনটোতকৈয়ো ওপৰত ৷ বিশ্বৰ মানচিত্ৰত অসমৰ হস্ততাঁত শিল্পৰ বস্ত্ৰৰ প্ৰদৰ্শনৰ বিৰল সুযোগ প্ৰাপ্তিৰে মই আৰু মোৰ হস্ততাঁত শিল্পী সকলে নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰিছো৷বিশ্বমানৰ এনে মঞ্চত এক স্থানীয় ফেশ্বন আহি পোৱাটোও মোৰ বাবে এক বিৰল প্ৰাপ্তি৷

উল্লেখযোগ্য যে, সংযুক্তা দত্ত হ’ল ইতিপূৰ্বে লেকমে ফেশ্বন শ্ব’ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা ৷ লেকমে ফেশ্বন শ্ব’ত অংশগ্ৰহণৰ পিছত আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাই ফেশ্বন ডিজাইনাৰ সংযুক্তাই ৷ ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও লেকমে ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷ ২০২২ বৰ্ষতো অসম গৌৰৱ ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ফেশ্বন ডিজাইনাৰ সকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন প্লেটফৰ্ম বুলি বিবেচিত নিউয়ৰ্ক ফেশ্বন উইকতো নিজৰ পোচাকৰ যাদুৰে সমাদৰ লভিবলৈ সক্ষম হৈছিল ৷ এই শ্ব’টোতো উপস্থিত থকা বিশ্বৰ আগশাৰীৰ ফেশ্বন বিশেষজ্ঞৰ প্ৰশংসা বুটলাৰ লগতে সংযুক্তা দত্তই আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও কাঁ ফিল্ম মহোৎসৱতো বহু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মডেলে সংযুক্তা দত্তৰ ডিজাইনৰ পোচাক পৰিধান কৰি ৰেড কাৰ্পেটত ইতিমধ্যে খোজ দিছে৷

Leave A Reply

Your email address will not be published.