প্ৰকৃতি সুৰক্ষাবিদ ৰহমত আলী লস্কৰ

2 311

সততা, মনৰ ইচ্ছা শক্তি, একাগ্ৰতাই সঠিক পথৰ সন্ধান দিয়ে। তেতিয়া সময়ে পৰিস্থিতিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়। কথাষাৰ ১০০ % সচাঁ বুলি প্ৰমাণিত কৰিলে ৰহমত আলি লস্কৰে। শূন্যৰ পৰা আৰম্ভ কৰা ৰহমত আলি লস্কৰ আজিৰ তাৰিখৰ প্ৰকৃত নায়ক বুলি ক’লে খুব ভুল কোৱা নহ’ব।

আচলতে নায়ক হ’বলৈ সকলোৱে নাটকত অভিনয় কৰিব নালাগে, অভিনয় কৰিব নালাগে কোনো মঞ্চত। সঠিক ভাবে সময় আৰু সুযোগ বুজি জীৱন নাটকত অভিনয় কৰিলেই সেইজনে হৈ পৰে প্ৰকৃত অভিনেতা। যিজনে নিজৰ লগতে সমাজৰ বাবে দেশৰ বাবে বিশেষ কিবা এটা কাম কৰিব পাৰে।

IMG-20170227-WA0031

নগাওঁ জিলাৰ লংকাৰ উদালী বৰদলৈ পথাৰৰ ৰহমত আলী লস্কৰ এনে এজন ব্যক্তি, যি জনে বিভিন্ন প্ৰজাতিৰ বাঁহ, ঔষধিগুণ সম্পন্ন গছ- গছনি, আলংকাৰিক গছ, ভিন্ন প্ৰকাৰৰ কৃষি বীজ আৰু কেকটাচ সংৰক্ষণ আৰু বংশবৃদ্ধি কামত নিয়োজিত হৈ আছে। উল্লেখযোগ্য যে ৰহমত আলী লস্কৰ Northeast Nursery and Seed House শীৰ্ষক ২১ বিঘা মাটিত উদ্যান আছে। এই সম্পৰ্কে জানিব বিচৰাত ৰহমত আলী লস্কৰে এনে দৰে জনাই- সৰু থাকোতেই দেউতা বিয়োগ হোৱাt সমস্ত ঘৰৰ দায়িত্ব মোৰ ওপৰত পৰে। বহু কষ্টৰে ঘৰখন চলোৱাৰ লগতে মিতব্যয়ী ভাবে খৰছ কৰি নিজেই চলিছিলো। চিমেণ্ট কোম্পানীৰ ২৫ টকা হাজিৰাৰে দিনৰ ভাতমুঠি যোগাৰ কৰিলো। এবাৰ কামৰ সন্ধানত কাশ্মীৰলৈ যাওতে কাশ্মীৰৰ বিনন্দীয়া পৰিবেশ মোক মোহিত কৰিছিল। তাৰে সপোনক সৰুকে বাস্তৱায়িত কৰিবলৈ কাশ্মীৰ বন বিভাগৰ এজন বন বিষয়াৰ সহযোগত ঘৰতে নাৰ্চাৰী আৰম্ভ কৰো। সেয়াই আৰম্ভণী আছিল। এনেবোৰ কামৰ বাবে মই কাশ্মীৰৰ পৰা কন্যাকুমাৰী লৈকে ঘুৰিছো। আৰু বহুত সফলতা পাইছো।

IMG-20170227-WA0029

উল্লেখযোগ্য যে ৰহমত আলী লস্কৰে বহু বিভিন্ন দেশ বিদেশ পৰা ফুল, উদ্ভিদ আৰু বাঁহ সংগ্ৰহ কৰি জন্মভূমিক বিনন্দীয়া ৰূপত সজাব বিচাৰিছিল যাৰ আপাহতে জন্ম হ’ল নাৰ্চাৰীখন তথা উদ্যানখন। ইতিমধ্যে Ecole Superior Robert de Sorban ফেন্সক বিশ্ববিদ্যালয়ৰ পৰা সন্মান লাভ কৰিছে। ইয়াৰ উপৰিও গ্ৰীণিজ বুক অব ৱাল্ড লিমকা আদি আদিতো শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ।

প্ৰকৃতি তথা জীৱ পৰিবেশকুলৰ প্ৰতি থকা অগাধ প্ৰেমৰ বাবে ৰহমত আলী লস্কৰে এনেদৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ বাবে বহুজনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

2 Comments
  1. Rahmat Ali Laskar says

    Thank you so much

  2. Khandakar Asifa Yasmin says

    Waw i am really impress on his hard work. Mr. Rahmat Ali sir prove that if we take an indivisual target with a proper mind set than definatly we will achive our target one day.. I am so proud on him.. Best of luck..

Your email address will not be published.