প্ৰকৃতি সুৰক্ষা বাণী বিলাই বহু ৰাজ্য ভ্ৰমণ কৰিছে এইজন যুৱকে

0 217

প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদুৰ হায়দৰাবাদৰ তেলেংগানাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে ৷ যোৱা ডিচেম্বৰতে যাত্ৰা আৰম্ভ কৰি ২৭ খন ৰাজ্য অতিক্ৰম কৰি ইতিমধ্যে আজি জামুগুৰিহাটত উপস্থিত হয়৷ জামুগুৰিহাটৰ ধলাইবিলত যুৱক জনক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি তেলেংগানাৰ যুৱক শ্ৰী কান্ত কল্যানে কয় যে- অসমৰ মানুহ অতিথি পৰায়ন আৰু সংস্কৃতিবান ৷ অসমৰ প্ৰাকৃতিক পৰিৱেশে লৈ মন মোহিত কৰিছে । দৈনিক দুশ কিলোমিটাৰ খোজ কঢ়া যুৱকজনে আৰু ৮ খন ৰাজ্য ভ্ৰমণ কৰি যাত্ৰা সামৰণি মাৰিব বুলি মন্তব্য কৰিছে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.