প্ৰথমখন অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ ‘অৱতৰণ’ আজি মুক্তি লাভ কৰিলে। শ্ৰীমন্ত কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই চলচ্চিত্ৰখন আনুষ্ঠানিক ভাৱে মুক্তি লাভ কৰে। টি ডি ফিল্ম ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক আৰু প্ৰযোজক হৈছে তৰুণাভ দত্ত। উল্লেখযোগ্য যে সম্পূৰ্ণ ন বছৰীয়া পৰিকল্পনাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনত প্ৰায় ৮০% ভি এফ এক্স আৰু ৩ডি এনিমেচনেৰে ভৰপূৰ।চিনেমাখনত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া, ৰিম্পী দাস, সৌৰভ হাজৰিকা, অনন্যা পৰাশৰ, সমীৰ ৰঞ্জন, গোবিন্দা মালাকাৰ, সংগীতা পাচনি, বিশাল পি চলিহা, ৰীমা কাইফ আৰু দিব্যম শীলে।ছবিখনৰ সংগীত ব্যৱস্থাপনা নিলুৎপল চলিহা, ধীৰাজ দত্ত। গীতকেইটিত কন্ঠদান কৰিছে ৰূপম ভূঞা,অৰুন্ধতী বেজবৰুৱা আৰু ৰিমলী ভূঞাই।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি