সংগীত জগতত ভুমুকি মৰা নবাগতা কণ্ঠশিল্পী প্ৰস্তুতি দেৱীৰ কণ্ঠ আৰু কেশৱ নয়নৰ কথা-সুৰেৰে এটি সুমুধুৰ গীত ‘বাঁও চকু মোৰ লৰে’ আজি শুভমুক্তি হয়। ভোগালী বিহুৰ মাজতে অসমবাসীৰ মাজলৈ এই সুৰীয়া গীতটি কণ্ঠশিল্পীগৰাকীয়ে উপহাৰ দিয়ে। গীতটি আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়ে বিশিষ্ট কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস আৰু মনীষা হাজৰিকাই। লগতে উপস্থিত থাকে চাজু আহমেদ, মানস হাজৰিকা আৰু সুনয়না। গীতটি মুকলি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।বেলতলাস্থিত হোটেল ৰয়েল দি কাছাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰি কণ্ঠশিল্পী জে পি দাসে কয় যে, গীতটি অতিকে মনোমোহা হৈছে। গীতটিৰ কণ্ঠ হৃদয়স্পৰ্শী।অনাগত দিনটো প্ৰস্তুতি দেৱীয়ে এনে ধৰণৰ গীত অসমবাসী ৰাইজলৈ আগবঢ়াই যাব বুলি আশা কৰিছোঁ। তেওঁলৈ অশেষ শুভ কামনা থাকিল। অসমবাসীয়ে গীতটি আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিলো।একেদৰে মনীষা হাজৰিকাই কয়, গীতটি সুৱলা হৈছে। গীতটিৰ কথা-সুৰ সুন্দৰ। গীতটি অসমবাসীয়ে আদৰি ল’ব। গীতটি সম্পৰ্কে কিছু বক্তব্য ৰাখে কণ্ঠশিল্পী প্ৰস্তুতি দেৱীয়ে।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন