সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে হাতত লৈছে এক অভিনৱ আঁচনি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৮ বছৰ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে ১ ৰ পৰা ১৫ আগষ্টলৈ পথ সুৰক্ষা প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰি থিতাতে চালকৰ অনুজ্ঞা প্ৰত্ৰ প্ৰদানৰ পদক্ষেপৰে এক অভিনৱ আঁচনি গ্ৰহণ কৰিছে। প্ৰতিদিনে ২৫ জনকৈ এনে পৰিক্ষাৰ্থীক যাৱতীয়া জ্ঞান প্ৰদান কৰি থিতাতে চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। মহানগৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ন, অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়ে যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশমৰ্মে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ তথা ১৮ বছৰ সম্পূৰ্ণ হোৱা ছাত্ৰী-ছাত্ৰীসকলে বহি: ৰাজ্যত অধ্যয়ণ কৰিবলৈ গলে দুচকীয়া নাইবা চাৰিচকীয়া যান-বাহন চলোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তথা যান-বাহন চলোৱাৰ নীতি নিয়ম অৱগত কৰিবৰ বাবে উক্ত পোন্ধৰদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে দৈনিক ২৫ জনকৈ শিক্ষাৰ্থীক যান-বাহনৰ চলোৱাৰ জ্ঞান প্ৰদান কৰি চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ লগতে আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে অইলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে অনলাইন কৰাৰ সময়ত বসয়ৰ প্ৰমাণ পত্ৰ, ঠিকনা, উত্তীৰ্ণ হোৱা মাৰ্কশ্বীট আদি parivahan sewa পৰ্টেল নাইবা http:/sarathi.parivahan.gov.in/sarathi service ত দাখিল কৰি আবেদন কৰিব পাৰিব। উক্ত ২৫ জন শিক্ষাৰ্থীসকলক মহানগৰীৰ বেতকুছিস্থিত ‘হোণ্ডা চালক কেন্দ্ৰ’ত পৰিবহন বিধি আৰু পথ সুৰক্ষাৰ যাৱতীয় জ্ঞান প্ৰদান কৰা হ’ব। শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে এগৰাকী পৰিবহন বিধি অনুসৰণ কৰি দায়িত্বশীলভাৱে গাড়ী চলোৱা নাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ লগতে ‘ড্ৰাইভিং টেষ্ট উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক অনুজ্ঞা পত্ৰ নিজ হাতে প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। লগতে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে অতিশীঘ্ৰে ওপৰত উল্লেখিত ৱেইব চাইট যোগে অনুজ্ঞাপত্ৰৰ আবেদন কৰিবলৈ আহ্বান জনাইছে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে।
Trending
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা