৩৮ বছৰীয়া কৰ্ম জীৱনৰ সামৰণি পেলাই এন চি চিৰ উত্তৰ পূব মণ্ডলৰ এ ডি জি মেজৰ জেনেৰেল অনন্ত ভূঞাৰ অৱসৰগ্ৰহণ -পুষ্পসজ্জিত বাহনৰে বিদায় সম্বৰ্ধনা কাৰ্যালয় চৌহদত

0 253

ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল অনন্ত ভুঞাই ভাৰতীয় সেনাত গৌৰৱৰে ৩৮ বছৰ সেৱা আগবঢ়াই আজি অৱসৰ গ্ৰহণ কৰে । অৱশ্যে আজি শনিবাৰ কাৰ্যালয় বন্ধ থকা হেতুকে তেওঁক যোৱাকালি শ্বিলঙত থকা উত্তৰ পূৱ মণ্ডলৰ মুখ্য কাৰ্যালয়ত বাহিনীটোৰ বিষয়া আৰু কেডেট সকলে বিপুলভাৱে সম্বৰ্ধনা জনায় । আনকি ভাৰতীয় সেনাৰ নিয়মানুসৰি জেনেৰেল ভূঞাক সেনাৰ পুষ্পসজ্জিত বাহনত তেওঁক ফুলৰ মালা পিন্ধাই কাৰ্যালয় চৌহদৰ বাকৰিত বিষয়া – কেডেট সকলে এক সমদল উলিয়াই । আনহাতে এই উপলক্ষে এন চি চিৰ উত্তৰ পূৱ মণ্ডলৰ উপ সঞ্চালক প্ৰধান ব্ৰিগেডিয়াৰ ৰাজেশ্বৰ প্ৰসাদ পাণ্ডেই আঁত ধৰা অনুষ্ঠানত জেনেৰেল ভুঞাই ভাষণত বিগত বৰ্ষৰ আগস্ট মাহত এ ডি জি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ মাজত প্ৰায় ১১ টা মাহত সহকৰ্মী সকলে বাহিনীটোক সক্ৰিয় কৰি ৰখাৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বিষয়টো শ্ৰদ্ধাৰে শলাগ লৈ উপস্থিত কেডেট সকলে নিজৰ যোগ্যতা , দক্ষতা অনুসৰি সামৰিক , অৰ্দ্ধ সামৰিক বাহিনীত ভৰ্ত্তি হৈ দেশমাতৃৰ যাতে সেৱা আগবঢ়াব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানত এন চি চিৰ শ্বিলং গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জয় সিং যাদৱকে ধৰি কেবাজনো উচ্চপদস্থ সেনা বিষয়া , সহযোগী এন চি চি বিষয়াই চমু ভাষণত জেনেৰেল ভূঞাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । আনহাতে নিশা জেনেৰেল ভূঞাৰ বিদায় উপলক্ষে অফিচাৰ মেছত ক’ভিড বিধি মানি নৈশভোজ আৰু আজি পুৱা এক চাহমেলৰ আয়োজন কৰা হয় । দুয়োটা অনুষ্ঠানত জেনেৰেল অনন্ত ভূঞাৰ সহধৰ্মিনী বৰ্ণালী ভূঞাও উপস্থিত থাকে । উল্লেখযোগ্য যে সৰ্থেবাৰীত ১৯৬৩ চনত জন্মগ্ৰহণ কৰা অনন্ত ভুঞাই গোৱালপাৰা সৈনিক স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত নেশ্যনেল ডিফেন্স একাডেমীৰ পৰাও সুখ্যাতিৰে উত্তীৰ্ণ হয় । ১৯৮৩ চনত কুমাও ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে কৰ্ম জীৱনৰ পাতনি মেলা ভুঞাই নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰ বলত ৩৮ বছৰীয়া কৰ্মজীৱনত ভাৰতীয় সেনাৰ তৃতীয় সৰ্বোচ্চ পদবী মেজৰ জেনেৰেল পদ লাভ কৰে । অসমকে ধৰি উত্তৰ পূৱৰ কেবাখনো ৰাজ্য , জম্বু – কাশ্মীৰ আৰু দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে সেৱা আগবঢ়াই ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা ভূঞা অসমৰ সাহিত্য ,সংস্কৃতিৰ লগতো দীৰ্ঘদিন ধৰি জড়িত হৈ আছে । নতুন দিল্লীত ভাদ মাহত এমহীয়া নামৰ আয়োজন কৰি আহিছে । বৰ্তমান তেওঁ অসম সত্ৰ মহাসভাৰ নতুন দিল্লী শাখাৰ উপ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে । আনকি জেনেৰেল অনন্ত ভুঞাৰ সহধৰ্মিনী বৰ্ণালী ভূঞাও এগৰাকী সংস্কৃতিমান মহিলা হিচাপে দিল্লীৰ অসমীয়া সমাজত জনপ্ৰিয় ।

Leave A Reply

Your email address will not be published.