ফেৰী দুৰ্ঘটনাৰ পৰিস্থিতি বুজ ল`বলৈ নিমাতীঘাটত উপস্থিত হ`ল প্ৰাক্তন মুখ্যমন্ত্ৰী

0 177

ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কালি ফেৰী দুৰ্ঘটনাৰ পৰিস্থিতিৰ বুজ ল’বলৈ নিমাতীঘাটত আহি উপস্থিত হয়৷ কেবিনেট মন্ত্ৰীগৰাকীয়ে ফেৰী দুখনৰ মুখামুখি সংঘৰ্ষ হোৱা স্থানো পৰিদৰ্শন কৰে৷ নিমাতীঘাটত ঘটনা সম্পৰ্কত জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ লগত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে৷ ফেৰী দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ অভিযানত প্ৰশাসনক সহায় কৰা প্ৰায় ২০ জন ব্যক্তিক প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে গামোচাৰে সম্বৰ্ধনা জনাই, তেওঁলোকৰ এই মহৎ কাৰ্যৰ বাবে প্ৰশংসা কৰে৷উদ্ধাৰ অভিযান কাৰ্যত জড়িত হৈ থকা যোৰহাট জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, NDRF,SDRF ৰ লগতে সংশ্লিষ্ট বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰাৰ লগতে আৰু অধিক তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই বিচাৰি নোপোৱা ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ আহ্বান জনায়৷
নিমাতীঘাট পৰিদৰ্শনৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈ এতিয়ালৈকে উদ্ধাৰ নোহোৱা ডা: বিক্ৰমজিৎ বৰুৱাৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ ইয়াৰোপৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ফেৰী দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লয়৷
নিমাতীঘাট পৰিদৰ্শন কালত কেবিনেট মন্ত্ৰীগৰাকীৰ লগত অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ক্ৰীড়া,বিদু্ৎ,সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,লখিমপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন,আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.