‘ফৰ্টিফাইড’ চাউলৰ সম্পৰ্কত জনসাধাৰণৰ ধাৰণা অধিক জ্ঞানপ্ৰসূত কৰাৰ উদ্দেশ্যে আৰু সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ সম্পৰ্কে ব্যাপক প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ প্ৰগতি মেনৰৰ সভাকক্ষত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য কাৰ্যসূচীৰ যুটীয়া উদ্যোগত ‘পুষ্টি প্ৰথম’ সামাজিক আচৰণ পৰিৱৰ্তনৰ এখন সংবাদ মাধ্যমৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত কেবাজনো সমল ব্যক্তিয়ে চাউলৰ ফৰ্টিফিকেশ্বন যে জনসাধাৰণৰ স্বাস্থ্য ৰক্ষাৰ বাবে অতিকে অপৰিহাৰ্য, কম খৰচী উদ্ভাৱন, সেই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। কৰ্মশালাখনত ব্যক্ত কৰে যে বৰ্তমান ৰাজ্যখনৰ সকলো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীক ‘ফৰ্টিফাইড’ চাউল বিতৰণ কৰা হৈছে। বিশ্ব খাদ্য কাৰ্যসূচীৰ সহযোগিতাত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে সাৰ্বজনিন বিতৰণ প্ৰণালীৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত সংহত শিশু উন্নয়ন সেৱা আৰু সমগ্ৰ শিক্ষাৰ অন্তৰ্গত পোষণ বা মধ্যাহ্ন ভোজন আঁচনিৰ জৰিয়তে সকলো হিতাধিকাৰীক ১০০ শতাংশ ‘ফৰ্টিফাইড’ চাউল বিতৰণৰ লক্ষ্যৰে কাম কৰি আছে। কিন্তু সজাগতাৰ অভাৱত চাউল ধোৱা সময়ত অতিকে পুষ্টযুক্ত FRK অৰ্থাৎ fortified rice kernel সমূহ খোৱাৰ অনুপযুক্ত বুলি ভাবি ধুই, বাচি পেলাই দিয়া হয়। ভিটামিন বি১২, ফলিক এচিড আৰু আইৰণেৰে পূৰ্ণ এইবিলাকে জনসাধাৰণৰ পুষ্টিহীনতা, ৰক্তহীনতা দূৰীকৰণত বহুলভাৱে সহায় কৰে। সেয়ে ধোৱাৰ সময়ত উপঙি অহা চাউলসমূহ পঁচা বা খোৱাৰ অনুপযোগী বুলি নাভাবিবলৈ সজাগতা সৃষ্টিৰ বাবে কৰ্মশালাখনত সংবাদ মাধ্যমক অনুৰোধ জনায়। উল্লেখযোগ্য যে ১:১০০ হিচাপত ‘ফৰ্টিফাইড’ চাউলসমূহ সাধাৰণ চাউলৰ সৈতে মিহলি কৰা হয়।উল্লেখযোগ্য যে অসম চৰকাৰৰ সহযোগত WFP আৰু ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ ছ’ছিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহোড প্ৰেকটিচে ৰাজ্যৰ ১৭ খন জিলাৰ ‘পুষ্টি প্ৰথম’ নামৰ সামাজিক আচৰণ পৰিৱৰ্তনৰ এই অভিযানটো সফলতাৰে ৰূপায়ণ কৰে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা এই অভিযানে সমগ্ৰ অসমৰ ৪০ লাখৰো অধিক লোকৰ কাষ চাপিছে।আজিৰ এই কৰ্মশালাখনত সংশ্লিষ্ট বিভাগৰ কেবাজনো বিষয়ববীয়া উপস্থিত থাকে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ