বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যপাল ছোৱালী ভলীবল মিছন প্ৰতিযোগিতা

0 182

নামনি অসমৰ কেন্দ্ৰীয় বিন্দু স্বৰূপ বঙাইগাঁও জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত আৰু বৰ্ষণগাঁও ক্ৰীড়া সন্থাৰ সহযোগত আজি জিলা খনৰ বৰ্ষণগাৱঁত থকা চিলাৰায় ষ্টেডিয়ামত ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ এখন প্ৰতিযোগীতামুলক ভলীবল খেল অনুস্থিত হয়৷

এই প্ৰতিযোগিতাত খনত মুঠ চাৰি খন জিলা ক্ৰমে বঙাইগাঁও,বৰপেটা,চিৰাং আৰু বাস্কা জিলাৰ ছোৱালীৰ ভলীবল দলে অংশ গ্ৰহণ কৰে৷লগতে আজিৰ এই প্ৰতিযোগিতাত খনৰ শেষৰ চুড়ান্ত খেল খন বঙাইগাঁও জিলা আৰু বৰপেটা জিলাৰ মাজত অনুষ্ঠিত হয় । আৰু এই চুড়ান্ত খেলখনত বৰপেটা ছোৱালী ভলীবল দলে বিজয় সাব্যস্ত কৰে আৰু বঙাইগাঁও জিলা ছোৱালী ভলীবল দলে বিজিত হ’বলৈ সক্ষম হোৱা দেখা যায়।ইয়াৰ পিছত সমগ্র অসমত ৬ টা মণ্ডলত অনুষ্ঠিত হোৱা খেলত বিজয়ী হোৱা দলে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া উক্ত ভলীবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।আৰু ইয়াৰে চুড়ান্ত খেলৰ বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বাতৰি যুগুতালে বঙাইগাঁওৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.