কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বেঘ্ৰ সংৰক্ষিত ক্ষেত্ৰলৈ বানপানীৰ সময়ত বনকৰ্মীৰ পহৰা আৰু বানত আবদ্ধ বন্য জন্তুক উদ্ধাৰৰ বাবে ২০ খনকৈ বান উদ্ধাৰকাৰী নাওক ইঞ্জিনৰ ব্যৱস্থা কৰি দিয়াৰ পাছত কিছুদিন পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খনকৈ ইঞ্জিনযুক্ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত নাওৰ যোগান ধৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ এ এছ ডি এম এই। উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ সম্প্ৰসাৰিত অঞ্চল ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংলগ্ন হোৱাৰ পাছত উদ্যানৰ ক্ষেত্ৰ প্ৰায় ২০০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। যাৰ বাবে বানপানীৰ উপৰিও ব্ৰহ্মপুত্ৰৰ সংলগ্ন অঞ্চলত বনকৰ্মীৰ পহৰা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৪ খন ইঞ্জিনযুক্ত নাওঁৰ যোগান ধৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব তথা এ এছ ডি এম এৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া মীনাক্ষী দাস নাথ, ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত ক’মডৰ তথা অসম জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টা ( অবৈতনিক ) ক’মডৰ কমলেশ চন্দ্ৰ চৌধুৰী , অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যুটীয়া সঞ্চালক বিক্ৰমাদিত্য চৌধুৰী , দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ চাদিক আলী আহমেদ , ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱা , প্ৰথম এন ডি আৰ এফ বাহিনীৰ কেবাজনো বিষয়া উপস্থিত আছিল । অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী প্রদীপ্ত বৰুৱাই নাওঁকেইখন গ্ৰহণ কৰি ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব বুলি আশা ব্যক্ত কৰে। আনহাতে অৱসৰপ্ৰাপ্ত ক’মডৰ আৰু ভাৰতীয় নৌ সেনাত এজন জল বিশেষজ্ঞ হিচাপে সুনাম থকা কমলেশ চন্দ্ৰ চৌধুৰীয়ে চমু ভাষণত উপস্থিত বন বিষয়া আৰু বনকৰ্মী সকলক পানীৰ গভীৰতা অনুসৰি নাও কেনেদৰে চলাব লাগে, ইয়াৰ ৰক্ষনাবেক্ষণ , পানীত চলাচল কৰাৰ সময়ত লবলগীয়া সাৱধানতা , আদিৰ কাৰিকৰী দিশ সমুহ সুন্দৰকৈ বুজাই দিয়ে। উল্লেখ্য যে অহা ১৮ ছেপ্টেম্বৰত প্ৰাধিকৰণৰ ফালৰ পৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৮ খন তেনে ধৰণৰ নাওঁৰ যোগান ধৰা হব। অৱশ্যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জলক্ষেত্ৰত পহৰাৰ বাবে কমেও ৬ ৰ পৰা ৮ খন নাওৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰীয় উদ্যানৰ এক সূত্ৰই সদৰি কৰিছে।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO