বাইকেৰে বিদেশ ভ্ৰমণ কৰি অসমৰ দুজন ব্যক্তি আজি গুৱাহাটীত উপস্থিত হয়।লখৰাস্থিত হাৰ্লী ডেভিদচন শ্ব’ৰুমত আয়োজিত এক অনুষ্ঠানত উষ্ম আদৰণি জনায় ভাৰত পৰ্যটনৰ উত্তৰ পূব ক্ষেত্রীয় সঞ্চালক শংখশুভ্ৰ দেৱবৰ্মনে কয় যে এয়া এক ঐতিহাসিক ক্ষণ।কিয়নো অসমৰ দুজন ব্যক্তিয়ে মটৰ চাইকেলেৰে ছাউথ ইষ্ট এছিয়া ভ্ৰমণ কৰি আহিছে।ইয়াৰ জৰিয়তে দেশ সমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন হৈছে।জয়ব্ৰত সিনহা আৰু পংকজ দাস নামৰ ব্যক্তি দুজনে বাইকেৰে নৰ্থ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ এডভেঞ্চাৰ টুৰিজিম এণ্ড স্পৰ্টচৰ সহযোগত ভাৰত ম্যানমাৰ,থাইলেণ্ড,লাউচ,ভিয়েটনাম আৰু কম্বোডিয়া ভ্ৰমণ কৰি আহিছে।উল্লেখযোগ্য যে যোৱা ৫ নৱেম্বৰত তেখেতসকলে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।অসম পৰ্যটনৰ বাৰ্তা বিলাই দেশ ভ্ৰমণ কৰা ব্যক্তি দুগৰাকীয়ে এনেদৰে মন্তব্য কৰে যে ম্যানমাৰ আৰু বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিৰ পৰা বহু সহযোগ লাভ কৰিছো।ভাৱৰ আদান প্ৰদান হৈছে।ইয়াৰ জৰিয়তে দেশসমূহৰ মাজত বাণিজ্যিক ভাৱে সম্পর্ক গঢ় লৈ উঠা সম্ভাৱনা প্ৰকট হৈ উঠিছে।এই অনুষ্ঠানত জি এল পাব্লিকেশ্বনৰ প্ৰণৱ কুমাৰ তালুকদাৰ,স্মাৰ্ট চিটি’ৰ পৰিচালন সঞ্চালক মলয় বৰাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।এনেধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান