বাঘজানৰ বিষয় সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

0 301

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জনতা ভৱনত কক্ষত অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে বাঘজানৰ বিষয় সম্পৰ্কত এক বৈঠকত মিলিত হয়।বৈঠকত বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়া,মাগুৰী বিলাক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাবে গঢ়ি তোলা ইত্যাদি বিষয় সমূহ  আলোচনা কৰে।
 
 
বৈঠকত মুখ্যমন্ত্ৰীয়ে বাঘজান অগ্নিকাণ্ড ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক সোনকলে ক্ষতিপূৰণ দিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলক আহ্বান জনায়।মুখ্যমন্ত্ৰীয়ে কয় যে মাগুৰী মতাপুং বিলৰ জৈৱ-বৈচিত্ৰতা অক্ষুন্ন ৰাখি ইয়াক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলা যথেষ্ট অৱকাশ আছে।
দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ এই বিলৰ উন্নয়ন সাধন কৰা বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনায়।মুখ্যমন্ত্ৰীয়ে কয় যে বাঘজান অগ্নিকাণ্ড পিছতেই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সৈতে অঞ্চলটোৰ পৰিদৰ্শনৰ সময়ত যিকেইটা ঘোষণা কৰা হৈছিল সেইসমূহ ৰূপায়ণ অহা ২০ ডিচেম্বৰ ভিতৰত কৰাৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।
আজি এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,মুখ্য সচিব জিষ্ণু বৰুৱা মুখ্যমন্ত্ৰী অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ,অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালনা সঞ্চালক প্ৰমুখ্যে ৰাজ্য প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.