শিক্ষা ঋণ ৰাজ সাহাৰ্য্য বিতৰণ মুখ্যমন্ত্ৰীৰ

0 273

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা আমিনগাঁৱৰ নুমলী জহাল পেৰেড গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত অভিনন্দন আঁচনি অধীনত শিক্ষা ঋণৰ ৰাজসাহাৰ্য্য বাবে মঞ্জুৰ কৰা হিতাধিকাৰী সকললৈ আনুষ্ঠানিক ভাৱে অনুমোদন প্ৰদান কৰে।উল্লেখ্য যে এই আঁচনিৰ অধীনত শৈক্ষিক ঋণ গ্ৰহণ কৰি শিক্ষাৰ্থী সকললৈ ৫০ হাজাৰ টকা পৰ্যন্ত ১৫৪৫ গৰাকী শিক্ষাৰ্থীয়ে এই ৰাজসাহায্য লাভ কৰা উপৰিও আজি ৪৫০৭ গৰাকী শিক্ষাৰ্থীলৈ এই ৰাজসাহাৰ্য্য পুঁজি তেওঁলোকৰ ঋণ একাউন্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হয়।
 
 
এই আঁচনিৰ অধীনত এতিয়ালৈকে সৰ্বমুঠ ৬০৫২ গৰাকী শৈক্ষিক ঋণ লাভ কৰা শিক্ষাৰ্থী উপকৃত হৈছে। আজি এই প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বমুঠ ২২ কোটি টকা শিক্ষাৰ্থীসকলৰ ঋণ একাউন্টলৈ হস্তান্তৰিত হ’ব।
 
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অভিনন্দন তথা অন্যান্য বহু সংখ্যক আঁচনিৰ জৰিয়তে বৰ্তমান ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰী সকললৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে । সেয়েহে ছাত্ৰ-ছাত্ৰী সকলে চৰকাৰে প্ৰদান কৰা এই সা-সুবিধা সদ ব্যৱহাৰ কৰি নিজকে দক্ষ,যোগ্য মানৱ সম্পদ হিচাপে ৰাষ্ট্ৰীয় লগতে বিশ্বৰ বুকুত উজলি উঠিব লাগে । আৰ্থিক সমস্যা বাবে কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে উচ্চশিক্ষাৰ লাভৰ পৰা বঞ্চিত নহয় সেই দিশটো প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ৰাজ্য চৰকাৰে অভিনন্দন আঁচনি,বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম,শৈক্ষিক জলপান,হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মেজ ডিউজন ঋণ প্ৰদান ইত্যাদি দৰে পদক্ষেপ লৈছে বুলি কয়।মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক কঠোৰ পৰিশ্ৰমেৰে জীৱন যাপন কামত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনায়।
অসমৰ নৱ প্ৰজন্মৰ স্বাৰ্থ সুৰক্ষিত কাৰণে বৰ্তমান চৰকাৰে ৰাজ্য খনত নতুনকৈ ৮ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ পদক্ষেপ,৯খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ,৩২ খন পলিটেকনিক,মঙলদৈৰ স্কীল ইউনিভাৰ্চিটি,মাজুলীত সাংস্কৃতিক বিদ্যালয়, চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ক্ৰীড়া বিশ্ববিদ্যালয়,চাংসাৰিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান,গোগামুখত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান,যোৰহাটত নেশ্যনেল ইউনিভাৰ্চিটি অৱ ডিজাইনাৰ ইত্যাদি বশিষ্ট্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
এই অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই ,ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূবৰ মুখ্য মহাপ্ৰবন্ধক আৰ এছ ৰমেশ, হাজো বিধানসভা সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া,কৰ বিভাগৰ আয়ুক্ত অনুৰাগ গোৱেল,কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্ত্তিক, ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক সুৰঞ্জনা দত্তকে ধৰি বহু গণ্য মান্য ব্যক্তি ,শিক্ষাৰ্থী তথা অভিভাৱক সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.