বাঘজান কাণ্ডত নিহত পৰিয়াললৈ ৩০লাখৰ চেক প্ৰদান

0 249

বাঘজান তৈলখাদত যোৱা ৯জুনত সংঘটিত হৈছিল এক বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত নিহত হয় দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাই। যোৱা সোমবাৰে অগ্নিকাণ্ডৰ ফলত প্ৰাণ ত্যাগ কৰা দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাইৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অইলৰ পৰিচালন সঞ্চালক তথা কোম্পানীৰ অধ্যক্ষ সুশীল কুমাৰ মিশ্ৰ।
 
 
উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাইৰ পত্নীৰ হাতত প্ৰদান কৰে ৩০ লাখৰ একোখনকৈ চেক। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুয়োটা পৰিয়ালক শীঘ্ৰে চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে দুয়োগৰাকী লোককে ভাৰত চৰকাৰৰ তৰফৰ পৰা সাহসিকতাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে।
 
সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ সুশীল কুমাৰ মিশ্ৰই জনায় যে বাঘজান তৈলখাদত হোৱা বিধ্বংসী বিস্ফোৰণস্থলীত অইল কৰ্তৃপক্ষই ১২বিঘা মাটি সামৰি যিটো পুখুৰী নিৰ্মাণ কৰি উলিয়াইছিল সেই পুখুৰীটোত ডাঙৰী নৈৰ পৰা পানী আনি আগন্তুক ১৫-২০দিনৰ ভিতৰত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.