ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত স্বৰ্ণকন্যাৰ নাম

0 261

অসম জীয়ৰী অৰ্জুন বঁটা বিজয়ী স্বৰ্ণকন্যা হিমা দাসে আকৌ এবাৰ উজলাইছে অসমৰ নাম। কিয়নো ২০২০ বৰ্ষৰ এইবাৰৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে প্ৰস্তাৱিত কৰা হয় হিমা দাসৰ নাম। ইতিমধ্যে এই বঁটাৰ বাবে অসম চৰকাৰে হিমা দাসৰ নাম প্ৰস্তাৱ কৰি টোকা প্ৰেৰণ কৰিছে।
 
উল্লেখযোগ্য যে বিগত ২০১৮ বৰ্ষত ফিনলেণ্ডৰ টাম্পায়েৰত অনুষ্ঠিত হৈছিল ২০ বছৰৰ অনুৰ্ধ্ব বিশ্ব এথলেটিকছ। য’ত অসম কন্যা হিমা দাসে অৰ্জন কৰিছিল স্বৰ্ণপদক। ইয়াৰ পিছতেই ২০১৮ চনত জাকাৰ্টাত অষ্টদশ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। তাত অংশগ্ৰহণ কৰি দুটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদকেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই দুয়োঠাইতে হিমা দাসে এক বৃহৎ সফলতা লাভ কৰিছিল। যাৰ বাবে ২০১৮চনত ভাৰতবৰ্ষৰ ক্ৰীড়াৰ সন্মানীয় অৰ্জুন বঁটা হিমা দাসে লাভ কৰিছিল।
 
 
এইবাৰৰ টকিঅ’ত হ’বলগীয়া অলিম্পিকত তাত প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব বুলি আশা কৰিছে অসমৰ স্বৰ্ণ কন্যা তথা এগৰাকী সফল খেলুৱৈ হিমা দাসে। যাৰ বাবে হিমা দাসৰ নাম অসম চৰকাৰে এইবাৰ দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে প্ৰস্তাৱ আকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। যদিহে এইবাৰ অসম কন্যা হিমাই ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে তেতিয়াহ’লে হিমা দাস হ’ব এই সন্মান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ।

Leave A Reply

Your email address will not be published.