শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী আদাবাৰী চাহ বাগিচাত আজি সমাজত অন্ধবিশ্বাস, কুঃসংস্কাৰৰ বিৰুদ্ধে এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় । অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰু বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাখন সঞ্চালনা কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক সুভাষ বৈশ্যই । অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সচেতন যুৱক প্ৰাঞ্জল প্ৰতিম বৰাই ৰাইজক উদ্দেশ্যি কয় যে অন্ধবিশ্বাস, কুঃসংস্কাৰে সমাজত কলংকৰ সৃষ্টি কৰি আহিছে । সমাজত বৰ্তমান সময়ত একাংশ সমাজবিৰোধী লোকে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰাৰ মানসিকতাৰে সমাজত অপপ্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে ।সময় থাকোতে এনেধৰণৰ দানৱক আমি মষিমূৰ কৰিব লাগিব। একাংশ লোকে লোকবিশ্বাসক অন্ধবিশ্বাসৰ ৰূপ দিবলৈ অসৎ প্ৰয়াস কৰি আহিছে । সমাজপৰা এনেধৰণৰ কুঃ সংস্কাৰ দূৰ কৰিবলৈ ঐক্যৱদ্ধতাৰে যুঁজ কৰিব লাগিব । সমাজৰপৰা এনেধৰণৰ কুঃসংস্কাৰক পুলিয়ে-পোখাই ওফৰাবলৈ সকলো দল-সংগঠন, ৰাইজে সমানে যুঁজ চলাব লাগিব। অনুষ্ঠানত আন এগৰাকী সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰঞ্জিৎ চহৰীয়াই কয় যে সমাজৰপৰা আমি অন্ধবিশ্বাস, কুঃ সংস্কাৰসমূহক দূৰ কৰিব লাগিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, কবি ছত্ৰমান চুব্বা । অনুষ্ঠানৰ লগত সংগতি ৰাখি চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য, উড়িয়া সমাজৰ উড়িয়া নৃত্য আদি বিভিন্ন জাতি জনগোষ্ঠীয় লোক-নৃত্য প্ৰদৰ্শন কৰা হয় ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা