বালিপৰাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ললে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই

0 191

এতিয়াও অপৰিৱৰ্তিত বালিপৰাৰ বান পৰিস্থিতি । জৰাসৰ নৈৰ বাঢ়নী পানীৰ কবলত বালিপৰাৰ ১৫ খনতকৈও অধিক গাঁও । জৰাসৰ নৈয়ে লৈছে কালৰূপ । বানপানীয়ে কেইবাশ বিঘা খেতিপথাৰ নষ্ট কৰাৰ লগতে জৰাসৰ নৈৰ বাঢ়নী পানীৰ ফলত বালিপৰাৰ সমবায় সমিতিৰ গুদামত মজুদ ৰখা প্ৰায় চাৰিশ বেগ চাউলৰ বস্তা নষ্ট হোৱাৰ আশংকা কৰিছে সমবায়টোৰ কৰ্মচাৰীয়ে । লগতে আজি বালিপৰাত উপস্থিত হৈ বিভিন্ন প্ৰান্তত হোৱা বানপানীৰ সমগ্ৰ পৰিবেশৰ বুজ লোৱাৰ লগতে পৰিদৰ্শনো কৰিলে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । তেওঁ কয় যে – শোণিতপুৰ জিলাৰ যিখিনি স্পৰ্শকাতৰ অঞ্চলত বানপানীত ক্ষতিগ্ৰস্থ হৈছে মই নিজেই আজি পৰিদৰ্শন কৰি বান পিড়িত লোকসকলক বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাৰ পৰা ৰিলিফ কেম্পৰ জৰিয়তে খাদ্য-সামগ্ৰী প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । জিলা উপায়ুক্তগৰাকীৰ লগত সংগ দিয়ে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.